পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০০
অসমীয়া সাহিত্যৰ চানেকি।

তিলক দিলেক মাত্ৰ ভৈলেক ভ্ৰমৰী।
পুনঃ নিজ ৰূপ ভৈল ফোট দূৰ কৰি॥
হৰলুকি শিখি ৰঙ্গে বোলে চিত্ৰলেখি।
তোমাৰ প্ৰসাদে গুৰু জীলো দুয়ো সখী॥
চলিয়োক গুৰু মই যাওঁ কৃষ্ণপুৰী।
এহি বুলি প্ৰণামিয়া গৈল বেগ ধৰি॥
পশিল অন্তসপুৰ ধৰি হৰলুকি।
ভৈল অতি বিস্ময় কৃষ্ণৰ স্থান দেখি॥
আপোন শয্যাত অনিৰূদ্ধ আছে শুতি।
ঋষি উপদেশে হৰিলেক মায়াৱতী॥
শোণিত পুৰক গৈয়া তেখনে আটাইল।
সখীৰ আগত নিয়া কুমাৰ ভেটাইল॥
আনিলেক প্ৰিয় স্বামী সখী চিত্ৰলেখি।
দেখি ঊযা উঠিলেক ক্ষণিকো নাপেক্ষি॥
স্বপ্নত দেখিলো যিতো ত্ৰৈলোক্যমোহন।
সেহি সে সুন্দৰ বৰ ভৈল উপসন্ন॥
আনন্দে দ্ৰৱিল তনু প্ৰসন্ন বদন।
দেখি ঊষা আগবাঢ়ি গৈল ৰঙ্গ মন॥
প্ৰাণত অধিক স্নেহ গলে বান্ধি ধৰি।
বিচিত্ৰ আসনে নিয়া বসাইল সাদৰি॥
হৰিযে বসিল দেৱ প্ৰদ্যুম্ন নন্দন।
উষাৰ মুখক লাগি চায় ঘনেঘন॥
প্ৰথম বয়সে ঊষা ত্ৰৈলোক্যমোহিনী।
জাতিত পদ্মিনী সতী দুতি লক্ষী যেনি॥
জাতি ৰতি ৰঙ্গ যত চতুঃষষ্ট্ৰিকলা।
তান ৰূপ দেখি অনিৰুদ্ধ মোহ ভৈলা।
ধুৱাইল চৰণ পদ্ম ঊষায়ে আপুনি।
পাদ্য অৰ্ঘ্য মধুপৰ্ক দিল আচমনী॥
দিব্য গন্ধ ধুপ দীপ পুষ্প যে চন্দন।
দিল দিব্য বিভূষণ অমূল্য ৰতন॥