________________
অসমীয়া সাহিত্যৰ চানেকি। ঈশ্বৰ নিচিনে যাৱে নানা যোনি ফুৰে তাৱে জীৱবে লগতে কৰ্ম্ম জড়ি। কিঞ্চিতে কমাইয়া সুখ সততে নিকাব দুঃখ | নবকত পড়ে মবি মবি। ক্ষুধায় তাপিত কায় যেন ঘৰে ঘৰে যায় কুকুৰ ফুৰয় নিবন্তবে। ক্ষণো বা অন্নক পাৱে ক্ষণো বা টাঙ্গেনি ঘাৱে | মহা দুঃখ পাইয়া লৱড়ে। এহিমতে জীৱচয়। | নিচিনিয়া কৃপাময় শ্ৰীকৃষ্ণ ইষ্ট মাধৱক। মায়ায়ে আছয় ঢাকি দেখিও নেদেখি আখি ধৰে ধন জন সম্পদক॥ অনন্ত কন্দলি কহে জানা কিছু সাৰ নোহে ধন জন ৰাজ্য নিজ গ্ৰাম। মায়াময় বুদ্ধি ছাড়ি | তৃষ্ণা আদি পৰিহৰি নিৰন্তৰে বোলা ৰাম ৰাম॥ আনো পুৰাতন শুনি আছে শিষ্টমুখী। হলুকি মায়া ধৰিলেক চিত্ৰলেখি। অনিৰুদ্ধ কুমাৰক আনিলেক হৰি। শুন৷ তাৰ তত্ত্ব কিছু কহিবো উদ্ধাবি। নাৰদৰ বোলে তাই মায়া দেখাইলেক। পশু পক্ষী আদি কৰি জানয় যতেক। দেখিয়া নাৰদে বুলিলেক উপহাস। এই মায়া ধৰি তই হৰিবাক চাস। বুঝিলোহো আন তই ৰূপক ধৰিবি। কুমাৰক পাইলে তই কিৰূপ কৰিবি? আনৰূপ ধৰিবাক নজানস যেৱে। নপাৰিবি হৰিবাক ঘৰে চল তেৱে।