এহি বুলি বৰনাৰী হাতে চিত্ৰপট ধৰি
প্ৰথমে লিখিলা দেৱগণ।
সখীক দেখাইলা তাই উষা বুলিলেক চাই
নাহি সিতো পুৰুষ শোভন॥
সুন্দৰ গন্ধৰ্ব্ব যত দেখি তাকো লিখিলেক
আৰু সিদ্ধ বিদ্যাধৰ যত।
সুন্দৰ চাৰণগণ নাগগণ সুশোভন
যক্ষ ৰক্ষ কিন্নৰ সমস্ত॥
সুন্দৰ পুৰুষ যত মনুষ্যক লিখিলেক
ঊষা বোলে আতো স্বামী নাই।
পাছে মনে গুণি চাই বৃঞ্চিবংশ লিখিলেক
উষা মন ৰঙ্গে আছে চাই।।
গোপালৰ পিতমহ শ্বশুৰক লিখি আগে
পাছে বসুদেৱক লিখিল।
ৰাম কৃষ্ণ দুই ভাই লিখিলেক এক ঠাই
দেখি ঊষা মনে চমকিল॥
প্ৰদ্যুম্ন লিখিল যেবে শ্বশুৰ বুলিয়া তেৰে
মাথে ঊষা বস্ত্ৰ তুলি লৈল।
অনিৰুদ্ধ লিখিবাৰ দেখি ঊষা বৰনাৰী
ধৰিবাক চাহে আঙ্কোৱাল॥
লাজে মুখ বস্ত্ৰে ঢাকি বোলে শুনা প্ৰাণসখী
মোৰ প্ৰাণনাথ এহি জন।
দেখা কেন মূৰ্ত্তিমন্ত ভূৱনমোহন কান্ত
কোন নাৰী ধৰিবেক মন॥
চিত্ৰলেখি বোলে সখী ভালেতো স্বপন দেখি
ভোল ভৈলি তই ভাগ্যৱতী।
প্ৰদ্যুম্ন প্ৰিয় পুত্ৰ আন নাম অনিৰুদ্ধ
কেশৱ দেৱৰ প্ৰিয় নাতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৯৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৬
অসমীয়া সাহিত্যৰ ঢানেকি।