পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৫
ভাগৱত।

উষা বোলে প্ৰাণ সখী  স্বপ্নত আছিলা দেখি
 পুৰুষেক ত্ৰৈলোক্যমোহন।
চাৰু শ্যাম কলেৱৰ দিব্য পীত বস্ত্ৰধৰ
 ৰুচিকৰ কমল লোচন॥
মহাবাহু মহাবল সুচৰিত্ৰ সুমঙ্গল
 একো অঙ্গে নাহি ক্ষতি খুন।
কামিনী মোহন বেশ দৰশনে হৰে ক্লেশ
 কতনো কহিবো ৰূপ গুণ॥
লয়লাস বেশে আসি  মোৰ মুখ চাই হাসি
 মহাৰঙ্গে আলিঙ্গি ধৰিল।
মুখে মুখে ঘনে চুম্ব মৰ্দ্দিলেক কুচকুম্ভ
 ৰতি ৰস ভাৱ দৰশিল॥
পীয়াই অধৰ মধু মনক হৰিয়া মোৰ
 নজানো লুকাই কোথা যাই।
তাঙ্কে আমি স্বামী বুলি  বিচাৰোহো বিয়াকুলি
 সখী মোক দিওক দেখাই॥
পেলাই কাম সমুদ্ৰত  কিবা দোষ দেখি মোত
 ত্যজি গৈল সিতো প্ৰাণনাথ।
নপাও যেবে তাঙ্ক স্বামী  নিশ্চয়ে মৰিবো আমি
 সখী সত্য কহিলো তোমাত॥
হেন শুনি চিত্ৰলেখি  বোলে নমৰিবা সখী
 দুঃখ তোৰ ঘুচাইবো এখনে।
স্বপনত তোৰ মন হৰিলেক যিতো জন
 তাঙ্ক আনি দিব এহি থানে॥
কিন্তু ইতো ত্ৰৈলোক্যত  থাকে যদি ইতো জন
 মায়া কৰি আনি দিবো হৰি।
চাহি তই কহা মোত  লেখিয়া দেখাওঁ তোত
 দেৱ গন্ধৰ্ব্বক আদি কৰি॥