পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯৪
অসমীয়া সাহিত্যৰ চানেকি।

চিত্ৰলেখি সখী হেন পুছিলেক যেৱে।
ধীৰে ধীৰে ঊষাসতী থাকিলেক তেৱে॥
সুমৰি সুমৰি অতি পুলকে শৰীৰ।
গদ গদ বাণী নয়নৰ ঝবে নীৰ॥
শুনা নৰ নাৰী ঊষা সতী’ চৰিত।
মহাভাগৱত কথা সাক্ষাতে অমৃত॥
অনিৰুদ্ধ কুমাৰৰ নাহি বিলক্ষণ।
কৃষ্ণ ৰাম কাম আনিৰুদ একে জন॥
সকলে পুণ্যৰ হৰি কথাত বিশ্বাস।
অপ্ৰয়াসে সকল দুঃখকে কৰে নাশ॥
মিলে সুমঙ্গল বঙ্গ ভুকুতি মুকুতি।
কোন পাপীজনে আত নকৰিব ৰতি?
একে মহাজন হৰি-কিঙ্কৰত বাজে।
হৰিকথা শুনন্তা নাহিকে একে বাজে॥
কতো পাপীজন শুনে ঐশ্বৰ্য্য গৰ্ব্বত।
স্বৰূপত অৰ্থ তাৰ নপশে কাণত॥
কীৰ্ত্তিক ফটাৱে হৰিকথা শুনে বুলি।
ভক্তিক বাধিয়া নিন্দে কৃষ্ণক সমূলি॥
আছে কোন ধৰ্ম্ম হৰিকীৰ্ত্তনত বিনে?
যেৱে তত্ত্ব বুজে তেৱে নিন্দে কোন গুণে?
হেন জানি জ্ঞানীগণ ত্যজিও বিকল৷
নিন্দে মন্দ জনে যদি পাইব তাৰ ফল॥
মাধৱৰ পাদ-পদ্ম হৃদয়ত ধৰি।
কৰা হৰি ভকতি একান্ত যত্ন কৰি॥
ধন জন জীৱন নৰহে চিৰকাল।
কৃষ্ণৰ কথাত চিত্ত কৰিয়োক ভাল॥
অনন্তকন্দলি কহে এহি মাত্ৰ সাৰ।
ডাকি হৰি বোলা হৌক পুৰুষ উদ্ধাৰ॥