পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯৩
ভাগৱত।

শয়নে ভোজনে পাশ নেড়য় সতত।
অন্তেসপুৰত থাকে ঊষাৰ লগত॥
প্ৰদ্যুম্নৰ পুত্ৰ দেৱগোবিন্দৰ নাতি।
তাঙ্ক স্বপনত দেখিলন্ত ঊষা সতী॥
পূৰ্ব্বে নতু দেখা নতু শুনা নাম যাৰ।
তেহোঁ সমে স্বপনত লভিল শৃঙ্গাৰ॥
কামৰ নন্দন তিনি ভুবনমোহন।
জাগি তাঙ্ক নেদেখিয়া ভৈল বাউল যেন॥
শয্যাত বুলান্ত হাত বাতুল পৰাই৷
কহি গৈলা প্ৰাণনাথ আছা ৰঙ্গ চাই॥
শৰীৰ দগধ কৰে মদনৰ শৰে৷
লাজ এৰি প্ৰভু প্ৰভু বুলি গেড়ি পাৰে॥
সখীগণ মধ্যে উঠি পাৰে হাতালোৰ।
কহি গৈলা প্ৰাণনাথ প্ৰাণ যায় মোৰ॥
শুনি চিত্ৰলেখি উঠিলেক সেহি কালে।
দেখে প্ৰাণ সখী ঊষা ভৈল বিয়াকুলে॥
প্ৰভু প্ৰভু বুলি গেড়ি পাৰে ঘনে ঘনে।
ধৰি চিত্ৰলেখি পুছিলন্ত এক মনে॥
সখীগণ মাজে পাছে বসি মহাসতী।
জ্ঞান ভৈল মহালাজে থাকিল নমাতি॥
মদনে তাপিত তনু উত্ৰাৱল কৰে।
অধোমুখে নিশ্বাস কাঢ়ন্ত খৰতৰে॥
চিত্ৰলেখি বোলে সখী ত্যজিয়ো হতাশ।
তোৰ মনোৰথ কোন পুৰুষক চাস?
অদ্যাপিও দেখো তই পাৰা হাতালোৰ
স্বামীকে সে চাহ হেন মতি লৱে মোৰ॥
ৰাঙজাৰ কুমাৰী তুমি সুন্দৰী যুৱতী।
স্বামী খুজিবাৰ তোৰ হোৱয় যুগুতি॥
কিন্তু আক হাসিবে শুনিলে লঘু জনে।
গোপ্য কৰি কহ মোত স্বৰূপ বচনে॥