এবে তুমি সম যেৱে বীৰ আছে ধাৰে।
তেবে হাজাৰেক বাহু সাম্ফল আমাৰে॥
হেন দৰ্প শুনি ক্ৰোধে কিটাইলেক হব।
ৰাণক সম্বোধি পাছে বুলিলা উত্তৰ॥
দেখ তোৰ মৈবধ্বজ ভাগ যৈসানি।
মোৰ সম বীৰ তই লভিবি তৈসানি॥
তোৰ দৰ্প চূৰ বণে হৈব সেহি সমে।
এতিক্ষণে মূঢ় তই কব পৰাক্ৰমে॥
এহি বাণী হবে যেৱে বুলিলন্ত খঙ্গে।
নুবুজিয়া দুৰ্ম্মতি গৃহক গৈল ৰঙ্গে॥
শিৱৰ বাক্যৰ নিতে চাহে পৰিমাণ।
মোৰ মৈৰধ্বজ ইতো ভাঙ্গিবে কৈখান॥
পৰম কুবুদ্ধি তাৰ মনে স্বস্থ নাই।
নিজ বীৰ্য্য বিনাশকে আছে বাট চাই॥
এহি মতে ভৈল যেৱে বাণৰ ব্যৱস্থা।
শুনা আবে তাত পাছে ভৈল যেন কথা॥
বাণৰ নন্দিনী উষা নামে সুলক্ষণী।
ৰূপে গুণে লক্ষনী যেন জগত মোহিনী॥
তান ৰূপ দেখি লোকে লঙ্ঘিবাক ডৰে।
অনেক প্ৰৱন্ধে তাঙ্ক ৰাখে বাণাসুৰে ॥
একোৱে পুৰুষে তাঙ্ক দেখিবে নপাই।
অন্তেসপুৰত থাকা নিৰ্ব্বাণ পৰাই॥
বাণৰ যে মূলমন্ত্ৰী কুভণ্ড যাৰ নাম।
এক কন্যা আছে তাৰ চিত্ৰলেখা নাম॥
শঙ্কৰক পূজি তাই পাইল ইষ্টবৰ।
জানে যত যোগ-মায়া আতি গুৰুতৰ॥
চিত্ৰতে লেখয় সৱে নেদেখি নুশুনি।
তাইৰ নাম চিত্ৰলেখি এহি মহাগুণী॥
ৰুপে গুণে বয়সে ঊষাৰ সম দেখি।
ঊষা চিত্ৰলেখি দুয়ো সম প্ৰাণসখী॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৯০
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯২
অসমীয়া সাহিত্যৰ চানেকি।