শুনি বাণাসুৰে বৰ লৈল পুৰপাল।
শঙ্কৰক পূজি নিতে আছা কত কাল॥
শোণিত পুৰত পাছে ভৈল বাণৰাজা।
পুত্ৰৱতে স্বধৰ্ম্মে পালয় সৱে প্ৰজা॥
তপে জপে বলে বীৰ্য্যে ভৈল মহাশয়।
সম্মুখ সংগ্ৰামে ত্ৰিদশকো নগণয়॥
নগৰত আছে হব ত্ৰৈলোক্য ঈশ্বৰ।
সাজি আছে দৌল যেন কৈলাশ শিখৰ॥
সৰ্ব্বক্ষণে শিৱ শিৱ ভাষে মহাভাগ।
যেখনে খোজয় শঙ্কৰক পাৱে লাগ॥
আপোন সমান বীৰ ত্ৰৈলোক্যে নপাই।
মদগৰ্ব্বে ফুৰে সিতো যুদ্ধক ইচ্ছায়॥
এক দিন দেৱ শঙ্কৰৰ পাশে গৈল।
সমীপতে আছে হৰ দৰশন পাইল॥
শিৱৰ কিৰীটি যেন নৱ সূৰ্য্য জ্বলে।
পৰশিয়া শঙ্কৰৰ চৰণ কমলে॥
দণ্ডৱতে প্ৰণামিয়া বুলিলেক স্তুতি।
নমো নমো মহাদেৱ জগতৰ পতি॥
নমো হৰ দিগম্বৰ জগতৰ গুৰু।
অপূৰ্ণ কামীৰ কাম পূৰা কল্পতৰু॥
হাজাৰেক বাহু মোক দিলা জাতিস্কাৰ।
কিছু ফল নাহি আতি ভৈল মহাভাৰ॥
মোৰ সম বীৰ প্ৰভু নপাইলোহো ৰণে৷
তুমি বিনে বিচাৰি নপাইলো ত্ৰিভুবনে॥
হস্তৰ আৰম্ভ আৰ নপাৰি সহিত।
দিগ্গজগণক যুঝিবাক ভৈল চিত্ত॥
বাহুৰ আস্ফালে গিৰি কৰি চূৰ্ণীকৃত।
দিগ্গজগণক খেদি গৈলো কদাচিত॥
মোৰ পৰাক্ৰম দেখি আঁখি কাতি কৰি।
মহাভয়ে পলাই গৈল দূৰক অন্তৰি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৮৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯১
ভাগৱত।