সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯০
অসমীয়া সাহিত্যৰ চানেকি।

যেই সেই হৌক দুৰাচাৰ সদাচাৰ।
তাসম্বাক কৰো মই কোটি নমস্কাৰ॥
দৈবকী পুত্ৰত মাত্ৰ হৌক মোৰ মতি।
তান গুণ নাম নছাড়েক দিনে ৰাতি॥
সাধো সাধুজন মোক দিয়া এই বৰ।
জন্মে জন্মে হওঁ যেন কৃষ্ণৰ কিঙ্কৰ॥
শুনা সভাসদ মদগৰ্ব্ব পৰিহৰা।
দৈবকী নন্দন কৃষ্ণে নিষ্ঠামতি কৰা॥
ভণে ভাগৱত ভট্টাচাৰ্য্য ভৱসাৰ।
ডাকি ৰাম ৰাম বোলা সবাবে নিস্তাৰ॥

ভাগৱত।

[ দশম স্কন্ধ ]

উষা হৰণ।

শুক নিগদতি অভিমন্যুৰ নন্দন।
শুনা আৰু কহো অনিৰুদ্ধৰ বন্ধন॥
হৰি হৰ যুদ্ধ যেন ভৈল বিপৰীত।
কহিবো তোমাত কৃষ্ণদেৱৰ চৰিত॥
বলিৰ শতেক পুত্ৰ সৱাহতে বড়।
ভৈল মহাবীৰ বাণ নামে বীৰবৰ॥
হাজাৰ বাহু তাৰ দেখি চমৎকাৰ৷
শিৱত ভকত অতি বলে অনিৰ্ব্বাৰ॥
সহস্ৰেক হাতে নিতে ধৰি কৰতালি।
বহু বাদ্য কৰি নাচে শিৱ শিৱ বুলি॥
ত্ৰৈলোক্য ঈশ্বৰ হৰ ভকত বৎসল।
বহু বাদ্য নৃত্যে তোষিলেক মহাবল॥
তুষ্ট হুয়া বচন বুলিল ত্ৰিলোচন।
লৈয়ো বৰ বাণাসুৰ তোৰ যেন মন॥