সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৯
আত্ম পৰিচয়।

আনো যত মহা কবি আছিল পূৰ্ব্বত।
কৃষ্ণ কথা কহি সবে তাৰিলা জগত॥
কৃষ্ণ কথা নৌকা কৰি দুস্তৰ তৰিলা।
আনকো তাৰিতে প্ৰতি নাৱ থৈয়া গৈলা॥
ধন্য ধন্য আৰা সব জানা পৃথিবীত।
যাহাৰ কৰুণাচিত্ত পৰক তাৰিত॥
তাসম্বাৰ অনুগ্ৰহ লভিয়া সৰ্ব্বথা।
জানা আমি বিৰচিলো ভাগৱত কথা॥
জয়তি কেশবদাস দলৈ মধুকৰ৷
শিষ্টকুল কুমুদ সম্পূৰ্ণ শশধৰ॥
তান্ত্ৰীকুল কমল বিমল গুণশালী।
দুষ্টকুল নিকালি বৈষ্ণৱ প্ৰতিপালি॥
বিষ্ণুত ভকত কৃষ্ণ কথাত নিৰত।
দাতা দয়াৱন্ত সৰ্ব্ব কাৰ্য্যত শকত॥
তাহান উদ্যোগে গোবিন্দৰ প্ৰসাদত।
কথা বন্ধে ভাগৱত কৰিলো বেকত॥
মোৰ আশীৰ্ব্বাদে কৃষ্ণ দেৱৰ প্ৰসাদে।
সবন্ধু সোদৰে জীৱন্তোক অপ্ৰমাদে॥
সবংশৰ হৌক হৰি চৰণে ভকতি।
ৰক্ষা কৰন্তোক হৰি ত্ৰিভুবন পতি॥
নমো নমো পৰম পুৰুষ সনাতন।
হৃদয়ৰ বন্ধু কৃষ্ণ দৈবকী নন্দন॥
তুমি অন্তৰ্য্যামী মোক দিলা যেন মতি।
সেহি অনুভাৱে কথা ৰচিলো সম্প্ৰতি॥
তোমাত অৰ্পিলো যিতো কৰিলো প্ৰয়াস।
ভক্ত সমে তুষ্ট হুয়ো জগত নিবাস॥
বঢ়া টুটা ছিদ্ৰ মোৰ ভৈল যত মানে।
সবে সাঙ্গ হৌক এবে হৰি সুমৰণে॥
কৃষ্ণ ভকতিত যাৰ পৰম বিশ্বাস।
কৃষ্ণৰ নামত মাত্ৰ যাহাৰ অভ্যাস॥