বশিষ্ঠ প্ৰমুখ্যে গুৰু জনে, ৰাজাক বুলিলা সেহিক্ষণে,
আগ বাঢ়িবাক আৰ নুজুৱাই।
পুনু দেখিবাক বাঞ্চা যেবে, আছে অচিৰতে বোলোঁ তেবে,
দূৰ কৰি জানা পুত্ৰ আগ নবঢ়াই॥
আপুনি চিন্তিলা নিজ নাশ, কৈকেয়ীৰ সঙ্গত কৰি বাস,
জানি তাক এবে তেজিয়োক অসন্তোষ।
যুগুত অঙ্কুশে বাক্যে টানি, পলটাইলা হস্তী মত্ত যেনি,
তবধে নৃপতি থাকিলন্ত থোসমাসে॥
ৰামৰ ভিতিক লাগি চাই, চক্ষৰ নিমিষ যেন নাই,
শোকে দশৰথ পৰম অসুস্থ ভৈলা।
পুত্ৰ দৰশনে নাই আশ, কি কৰিবো চাৰ গৃহবাস
হা ৰাম বুলি পৰি শোকে মূৰ্চ্ছা গৈলা॥
ডাহিনে কৌশল্যা ধৰি তাৱে, বাম পাশে লক্ষণৰ মাৱে
ধৰি তুলিলন্ত কতোক্ষণে আইল প্ৰাণ।
পাছে বাজা ক্ৰোধে চক্ষু মেলি, কৈকেয়ীক পাৰিলন্ত গালি,
হায়োৰে পাপিষ্ঠী কেনে আইলি মোৰ থান॥
নুচুইবি নুচুইবি তই মোক, জীৱন্তে নেদেখো যেন তোক
তোৰ বোলে যেবে ভৰতে লৱয় ৰাজ্য।
তাতে নাই মোৰ কিছু ফল, নেঘেনিবো তাৰ পিণ্ড জল
ভাতৃ দ্ৰোহি ভৈলে তাৰ কোন সদ কায॥
গদ গদ বাণী কৰি সতী, কৌশল্যা বুলিলা কৰি নাতি
থিৰ হোৱা প্ৰভু কেনে শ্ৰুতি হত ভৈলা।
ত্ৰিভুবনে জানো মোৰ পতি, দশৰথ ৰাজা মহামতি,
যি ভৈলা সিভৈলা শোক তেজি গৃহে চলা॥
এহি বুলি ৰাজ পটেশ্বৰী, চলি গৈলা স্বামী তুলি ধৰি,
প্ৰৱেশিলা যাই ৰাজাৰ নিজ আবাস৷
আযোধ্যাৰ যত নৰ নাৰী, ধন জন গৃহ সুখ ছাড়ি
ৰামৰ লগত চলি যাই বনবাস॥
৪৯