শুনা নৰ নাৰী ৰামায়ণ পুণ্য কথা।
মহন্তৰো দেখা কেন দুখৰ অৱস্থা॥
সৰ্ব্বকালে বিষয়ত নেদেখিবা সুখ।
হেন জানি হুয়ো সবে কামত বিমুখ॥
ভাৰ্য্যা পুত্ৰ ধন জন যতেক সম্পদ।
কাল অগ্নি লাগি হোৱে তিলকে দগধ॥
ঈশ্বৰেসে ৰাখিবাক পাৰন্ত সবাক।
কালৰো ঈশ্বৰে কৃষ্ণ জানিবা ইহাক॥
অন্যদেৱ সেৱা কৰে কৃষ্ণক নাদৰি।
কালৰ হাতত তবিবাহা কেন কৰি॥
অনন্ত কন্দলি কহে ছাৰা আন কাম।
কাল ভয় দূৰ হৌক ডাকি বোলা ৰাম ৰাম॥
লেচাৰি।
হাহা ৰাম হাহা লক্ষণ হাহা সীতা আই যাহা বনে,
পৰিছেদি দেখো ৰহিয়োক একক্ষেণে।
এহি ডাক চাৰি দীৰ্ঘ ৰাৱে, দশৰথো আসা ভূমি পাৱে
শুনি ৰঘুনাথে চাহিলন্ত দুখ মনে॥
দুখত সুখৰ নাহে বাণী, কান্দন্তে নেত্ৰৰ বৱে পানী,
বুলিলন্ত ৰাম শীঘে মন্ত্ৰী ৰথ ডাক।
পিতৃৰ সন্তাপে মৰো পুড়ি, শুনিয়া নৃপতি হাত উড়ি,
বুলিলা সাৰথি ৰথ তই ৰাখ ৰাখ॥
ৰাঘৱে বোলন্ত ডাক ডাক, ৰাজায়ে বোলন্ত ৰাখ ৰাখ,
সাৰথিৰ মন দুই ভিতি কৰে আন্দোল।
ৰামে বোলন্ত কিবা চাহা, নুশুনিল ভাৱে ৰথ বাহা,
ৰাখা ৰাখা বুলি প্ৰজায়ে কৰে আন্দোল॥
সুমন্ত্ৰ মন্ত্ৰীয়ে কৰযুৰি, ৰাজাক কটাক্ষে নতি কৰি,
ৰামৰ আদেশে ডাকিলন্ত ৰথখান।
হস্তী হয় প্ৰজা পাছ কৰি, মন পৱনৰ বেগ ধৰি,
চলিলা বিমানে দেখি কান্দে প্ৰজাগণ॥