পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৩
ৰামায়ণ


শ্ৰীৰামে বোলন্ত তেজিয়োক শোক তাপ।
প্ৰতিপাল কৰিবাহা দশৰথ বাপ॥
ঈশ্বৰক সদায়ে পূজিবা ভক্তি কৰি।
সুখে আমি আসিবোহো বনবাস তৰি॥
ৰামৰ শুনিয়া হেন বিনয় বচন।
সকৰুণে কান্দন্ত ৰামৰ মাতৃগণ॥
ক্ৰোঞ্চিস সমুদ্ৰে যেন নাদয় আকাশে।
ক্ৰন্দনে যুৰিল দশৰথৰ আবাসে॥
ৰাম লক্ষণ সীতা নমিলা ৰাজাক।
তাত পাছে প্ৰণাম কৰিলা কৌশল্যাক॥
তিনিয়ো নমিলা পাছে সুমিত্ৰাৰ পাৱ।
লক্ষ্মণক কোলে তুলি লৈলা নিজ মাৱ॥
ধন্য মোৰ জীৱন জীৱন্তে স্বৰ্গ আইলো।
কিনো পুণ্য কৰি তুমিহেন পুত্ৰ পাইলো॥
সাৰ্থক তনয় মোৰ ভৈলে উতপতি।
জেষ্ঠ ভাইত ভৈল তাৰ পৰম ভকতি॥
যেন তোৰ মাতৃ মই সুমিত্ৰা সুন্দৰী।
সীতাক মানিবি তই সেহি মত কৰি॥
ৰামক সেবিবি যেন পিতৃ দশৰথ।
অযোধ্যাক বন হেন মানিবি মনত॥
অযোধ্যাতধিক সুখ দেখিবি বনত।
বন্ধু জন সমান দেখিবি বৈষ্ণৱক॥
এহি হৌক বুলি বীৰে ধনু শৰ লৈই।
ৰামৰ পাছত ৰথে চড়িলন্ত গৈই॥
সীতাৰ হাতত ধৰি ৰাম ৰঘুনাথ।
ৰথে চড়ি লড়ি গৈলা মহেন্দ্ৰ সাক্ষাত॥
সিংহদ্বাৰ এৰাই পাইলন্ত ৰাজপথ।
ভূমি পাৱে পাচতে লড়িলা দশৰথ॥
সকল লোকৰ গাৱে জ্বলিল অগনি।
অযোধ্যা ঢাকিল ঘোৰ ক্ৰন্দনৰ ধ্বনি॥