পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৮
অসমীয়া সাহিত্যৰ চানেকি



নুশুনয় বচন মই কৰিবোহোঁ‌ কিস।
তিনিয়ো চলিলো হেৰা দিয়োক আদেশ॥
এহি বুলি মৌনে থাকিলন্ত ৰঘুনাথ।
শোকে মৰ্ম্ম চড়ে বুলিলন্ত তুলি মাথ॥
স্ত্ৰীৰ বচনে বাপ ভৈলো সৰ্ব্বনাশ।
তোক কি পঠাই বাঞ্চা মোৰ বনবাস॥
শুন শুন ৰামচন্দ্ৰ হৃদয় নন্দন।
তুমি চাড়ি গৈলে মোৰ নৰহে জীৱন॥
ধিক মোৰ ৰাজ্য সুখ দুখ পৰিজন।
তোহোৰ সঙ্গত বাপ মই যাইবো বন॥
ৰামে বোলন্ত বাপ তেজিয়োক শোক।
সত্য ৰাখি বনে যাওঁ বিদায় দিয়োক॥
মোৰ সঙ্গে বনে যাইবা নোহে হেন ধৰ্ম্ম।
গম্ভীৰ সাগৰ তুমি তেজা ইটো মৰ্ম্ম॥
ৰামৰ বচনে ৰাজা নিশ্চাস তেজিল।
সুমন্ত্ৰ মন্ত্ৰীক চাই আশ্বাস কৰিল॥
চতুৰঙ্গ সেনা যত আনিয়ো হাঙ্কাৰি।
ৰামৰ লগত সবে যাউক সেৱা কৰি॥
প্ৰথম যৌৱনী যত তৰুণী সুন্দৰী।
সীতাৰ সঙ্গেতে সবে যাউক ৰঙ্গ কৰি॥
অলেখ ভাণ্ডাৰ যাউক পাত্ৰ মন্ত্ৰীগণ।
ৰাম চন্দ্ৰ বিনে কি কৰিবো ধন জন॥
বনতে পাতিবো যাই বিচিত্ৰ নগৰী।
ভৰতক দিবো ৰাজ্য সৰ্ব্ব শূন্য কৰি॥
থাকোক কৈকেয়ী শূন্য নগৰত পৰি।
হেন শুনি দাৰুণী বুলিলা ক্ৰোধ কৰি॥
ধন জন কাঢ়ি লৈলে পাইলো সত্য বোল।
ঘৃত কাঢ়ি লৈলে মোক নলাগয় ঘোল॥
কৈকেয়ীৰ বাক্যে ৰাজা বৰ লজ্জা পাই।
ধিক ধিক বুলি ৰাজা মাথা চপৰাই॥