পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৭
ৰামায়ণ

পাছে ৰাম লক্ষ্মণ সীতাক সেহি থানে।
সুমন্ত্ৰ ভেণ্টাইল নিয়া ৰাজাৰ আথানে॥
বাপক দেখিল ৰামে সিংহাসনে স্থিত।
হেমন্ত গিৰিত যেন জ্বলন্ত আদিত্য॥
কৌশল্যা কৈকেয়ী দুই আছে দুই ভিতি।
কাশ্যপৰ পাশে যেন দিতি যে অদিতি॥
কন্যাগণ মাঝে প্ৰকাশয় দশৰথ।
হস্তিনীৰ মাঝে যেন জ্বলে ঐৰাৱত॥
ৰামক দেখিয়া ৰাজা চালিলন্ত গাৱ।
সাবতি ধৰিতে নামি চলিলন্ত পাৱ॥
মূৰ্চ্ছিত ভৈলন্ত ৰাজা হা ৰাম বুলি।
ঢলিয়া পৰন্তে ৰামে ধৰিলন্ত তুলি॥
আশ্বাসিয়া ৰামে তুলি থৈলা সিংহাসনে।
তিনিয়ো ক্ৰন্দন যুড়িলন্ত দুখ মনে॥
অশেষ বিছিলা ৰামে বস্ত্ৰ ধৰি কৰে।
শীতল সুৰভি জল সিঞ্চিলন্ত মাথে॥
কৌশল্যাক প্ৰমুখ্যে ৰামৰ যত মাৱে।
হা প্ৰাণনাথ বুলি কান্দে দীৰ্ঘ ৰাৱে॥
হৰি হৰি বিধি কিনো কৰিলে সঙ্গতি।
দশৰথ নৃপতিৰ হেনসে বিপত্তি॥
হৰিষতে বিষাদ মিলিল প্ৰাণ নাশ।
বন্ধু ছেদ কৰি ৰাম যান্ত বনবাস॥
কহি যাইবে সীতা আই সৰ্ব্বাঙ্গে সুন্দৰী।
কৈক যাস লক্ষ্মণ আমাক পৰিহৰি॥
কতো বেলি দশৰথে লভিলা চেতন।
আগতে আচন্ত বসি কৌশল্যা নন্দন॥
প্ৰণামিয়া ৰঘুপতি বুলিলা বাপক।
মোক আজ্ঞা দিয়া পিতৃ চলিবো বনক॥
লক্ষণ সীতাক মই বুলিলে। অনেক।
তোমাক সেবিয়া অযোধ্যাত থাকিবেক॥