পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৬
অসমীয়া সাহিত্যৰ চানেকি।



সকৰুণে পুনৰপি বুলিলা বচন।
হেনবা সদয় হোৱে ৰামৰ চৰণ॥
শুন কাল বাহু তই কৈকেয়ী নিৰ্দ্দয়।
ৰাম বনে গৈলে মোৰ প্ৰাণ নৰহয়॥
ৰাখ মোৰ প্ৰাণ তোক কৰোহোঁ কাতৰ।
বনক নযাউক ৰাম লৈয়ো আন বৰ॥
মই যেবে মৰো তোৰ পুত্ৰ অল্পমতি।
কেন মতে ৰাজা হুই পালিবে জগতি॥
মধুফল আসা যেবে ৰুলো তৰু স্বল।
ফল কালে ভৈল যেন শিমলিৰ তল॥
বিধৱা কালত যেন নিকৰুণ ভৈলে।
সুখৰ গবাস যেন তাক কাঢ়ি লৈলে॥
জানিলোঁহো পতিব্ৰতা তই যেন মত।
মোহোৰ শোনিত পান কৰিতে শকত॥
জন্মে জন্মে নুহিবেক তোৰ ভাল মতি।
ৰাজ ভোগে বিনাশিলি মই হেন পতি॥
পাপিষ্ঠ নিষ্ঠুৰ মতি ভৈলো তিৰিবশ।
ৰামক বনক পঠাই পাইবি কোন যশ॥
কিনো কুলক্ষণি তই পাপিষ্ঠী দাৰুণী।
আপুন স্বামীত হেন ভৈলি নিকৰুণী॥
এহি মতে বিষাদে বুলিলা নৰেশ্বৰ।
দাৰুণী কৈকেয়ী কিছু নেদিলে উত্তৰ॥
অনন্তৰে সুমন্ত্ৰ কহিলা সমিধান।
ৰাম লক্ষ্মণ সীতা আসন্তো ইথান॥
যত ভাৰ্য্যা আছে তাক আন ডাক ছাৰি।
ৰাম সিতা লক্ষ্মণক চাউক দৃষ্টি ভৰি॥
ৰাজাৰ বচনে মন্ত্ৰী সবাকে ডাকিল।
যত ৰাজা মহাদৈই সমস্তে আসিল॥
নৃপতিক বেঢ়ি আসি বসিলা তেখনে।
চন্দ্ৰক বেঢ়িল যেন নক্ষত্ৰ মণ্ডলে॥