হাতে ঘোৰা ধৰি চলি গৈল দ্বিজবৰ।
পাৱ থিৰ নহয় কাস্পয় কলেৱৰ।
যজ্ঞ কৰিবে বুলি ধন মাগি লৈয়া।
চলিলন্ত ব্ৰাহ্মণ ৰামক আশ্বাসিয়া॥
যত ধন আছে মানে কৰি অৱশেষ।
বস্ত্ৰ আন লখাই বুলি কৰিলা আদেশ।
ৰাম লক্ষণ সীতা ধন বিলাইলন্ত।
ৰাজাক দেখিতে পুনু তিনিয়ো গৈলন্ত॥
কান্দে নাৰী সকলে সীতাৰ ভিতি চাই।
আমাক তেজিয়া কহি যাস সীতা আই।
প্ৰাসাদত লুটি পৰি কান্দে নাৰীগণ।
যেন মেৰু গিৰিত লোটয় তাৰাগণ॥
ৰাজপথে যত প্ৰজাগণ আসে যাই।
কান্দে দীৰ্ঘ ৰাৱে সীতা ৰাঘৱক চাই॥
ৰাজা দশৰথক নিন্দয় ৰাৱ চাৰি।
কি দোষে ৰামৰ ৰাজ্যভাৰ লৈলে কাঢ়ি॥
বুঢ়া বয়সত আতি পাইলেক বিবুদ্ধি।
ৰাম বনবাসে যান্ত কিনো ভৈল বিধি॥
আমি সবো বনে যাওঁ ৰামৰ লগত।
পাতিবো নগৰ যাই বনৰ মাঝত॥
ৰাজাৰ কুমাৰী সীতা যান্ত ভূমি পাৱে।
হৰি হৰি বুলি প্ৰজা কান্দে দীৰ্ঘৰাৱে॥
দেখি দুখ লোকৰ ৰামৰ দুখ মন।
কতোক্ষণে সিংহদ্বাৰে ভৈল উপসন॥
সুমন্ত্ৰক বুলিলন্ত ৰাম নাৰায়ণ।
পিতৃত দিয়োক জান মঞি যাওঁ বন॥
ৰাম বনে যান্ত মন্ত্ৰী জনাইলা তেখন।
হেন শুনি দশৰথ ভৈল অচেতন॥
ৰোগ যুক্ত গজে যেন দেখি সিংহিনীক।
চমকিল দশৰথ দেখি কৈকেয়ীক॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৭৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৫
ৰামায়ণ।