পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৪
অসমীয়া সাহিত্যৰ চানেকি



বাৰম্বাৰ বনক যাইবাক বাধা মোক।
মৰণতোধিক দেখো ইটো মহা শোক।
প্ৰাণতো অধিক তুমি তেজিতে নপাৰো।
অধিকে বুলিলে যেন খাণ্ডা হানি মৰো।
বিষ্ণু বিষ্ণু স্মৰি ৰামে বুলিলা বচন।
তোৰ যেন অভিমত কৰিয়ো লক্ষ্মণ॥
নিশ্চয়ে বুলিলো তোক মোৰ যেন মিত্ৰ।
আনিয়ো লক্ষণ তাঙ্ক মোহোৰ সন্নিত॥
সুজজ্ঞক ডাকি যাই আনিলা লক্ষণে।
দেখি ৰামচন্দ্ৰে উঠি অচ্ছিলা তেখনে॥
আপোনাৰ অলঙ্কাৰ কাটিয়া গাৱৰ।
মিত্ৰৰ গাৱত পিন্ধাইলন্ত নিৰন্তৰ॥
সীতাৰ গাৱৰ আনো লঙ্কাৰ যত।
মিতিনীক আনি তাক পিন্ধাইলা সমস্ত॥
শয়ন কোমল আৰু সুৱৰ্ণৰ খাট।
সুবৰ্ণবাহুতি দিলা চৌসস্তিৰ পাট॥
কৌশল্যা সুমিত্ৰা আদি মাৱগণ যত।
গাৱে গাৱে দিল ধন বস্ত্ৰ নানামত।
ব্ৰাহ্মণ প্ৰমুখ্যে সবে আইলা ভিক্ষু যত।
মনোবথ পুৰি ধন দিলন্ত সমস্ত।
পাছে বৃদ্ধ ব্ৰাহ্মণে ৰামক দিলে ভেট।
পাঞ্চ শত বৎসৰে ৰামত কৰি জেষ্ঠ।
ৰামক আশ্বাসি বোলে দিয়ো কিছু ধন।
পুষিবে নোৱাৰো মোৰ বহু পৰিজন।
ৰামে বোলন্ত ধন বিলাহানে গৈল।
সহস্ৰ ভণ্ডাৰো মোৰ অৱশেষ ভৈল।
বিলম্ব নকৰি ঝাণ্টে ঘোড়া ধৰিয়োক।
ৰাখিত পাৰি মানে আপুনি লৈয়োক॥
শুক্ল ভৈল চখু আৰো পকি গৈল কেশ।
দৃঢ় গাতি বান্ধিয়া আগত পৰবেশ॥