পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৩
ৰামায়ণ।

শ্লোকৰ অৰ্থক  পঢ়াতে নুবুজে
 পণ্ডিতে নকহে যাচি।
এতেকেসে কথা  ৰসে নিবন্ধিলো
 ভকতিৰ তথ্য বাচি॥
আছে যাৰ মন  শুনা সাধু জন
 মোক নিন্দা নুবুলিবা।
ভকতি ৰতন মোহোৰ যতন
 বিচাৰি এক দেখিবা॥
বিষয় ৰসত  চিত্ত ভৈল হত
 কৃষ্ণক লাগি নযাই।
কৃষ্ণকথা বিনে  মনক দমিবে
 নাহিকে আন উপায়॥
হেন জানি আক  ৰামৰ কথাক
 শুনিয়ো যতন কৰি।
অনন্ত কন্দলি  কহে গল মেলি
 নিৰন্তৰে বোলা হৰি॥

অযোধ্যা কাণ্ড!

সীতাৰ কাৰুণ্যে ৰামৰ কৃপা ভৈলা।
যাইবা বুলি সীতাক আশ্বাসি সুখে ৰৈলা॥
পাছে লক্ষণক বুলিলন্ত হাতে ধৰি।
সুখে থাক ভাই তই অযোধ্যা নগৰি॥
মই তৰি কৰি নিবো প্ৰাণেৰ সিতাক।
দুই মাৱ পুষি পালি তঞি এথা থাক॥
হেন শুনি লক্ষণে বুলিলা প্ৰিয়বাণী।
লক্ষে পুষিবাক পাবে অযোধ্যা গোসানী॥
যত ধন ৰত্ন মানে আচয় ইহাতে।
আপুনি পুষিব আসি ভৈয়াই ভৰতে॥