পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭২
অসমীয়া সাহিত্যৰ চানেকি।

কাষতে লোহিত  বহন্ত পৱিত্ৰ
 কুল্য আছে সেহি থানে।
অপুৰণ ভব  নাহি পুনৰ্ব্বাৰ
 তাহাতে কৰিলে স্নান॥
গোকৰ্ণৰূপ দেৱগদাধৰ
 মূৰ্ত্তি ধৰি আছে যাত।
যাক সাত তাল  ৰাৱণে কাটিল
 তথাপি দেখি সাখ্যাত॥
গিৰিৰ উপৰ লিঙ্গৰূপ ধৰ
 আছা যাত কামেশ্বৰ।
কেদাৰ কমল  লিঙ্গৰূপ ধৰ
 আছা যাত হৰিহৰ॥
তথা তান্ত্ৰিকুল  আছিল বিপুল
 মাধৱত শুদ্ধ চিত্ত।
তাসম্বাত হন্তে  পাট বস্ত্ৰ হৰে
 বিষ্ণুক কৰে ভুষিত॥
তথা দ্বিজবৰ  বিষ্ণুৰ কিঙ্কৰ
 আছিল ৰত্ন পাঠক।
ভাগৱত শাস্ত্ৰ  প্ৰৱৰ্ত্তাইলা তাত
 পাতিয়া চিৰ সত্ৰক॥
তথা উত্তপতি  তাহান সন্ততি
 নামত হৰিচৰণ।
অনন্ত কন্দলি  পাছে ক্ষাত ভৈল
 হৰি ভৈল সুপ্ৰসন॥
ৰামায়ণ কথা  পদে নিবন্ধিলো।
 ভাগৱত চৰ্চ্চা কৰি।
হৰি কথা বিনে  দুৰ্ঘোৰ কলিত
 তৰিতে কেহো নপাৰি॥