পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

অনন্ত কলি। ০ -- fa৭ইজন ব্ৰাহ্মণ কৰিব জন্মঠাই কামৰূপৰ হাজো গাওঁ। এওঁৰ পিতৃৰ নাম ধ্বজ | বা ৰত্নপাঠক। তেওঁৰ পিতৃ মাতৃয়ে থোৱা নাম হৰিচৰণ। চন্দ্ৰভাৰতী, ভাগৱত-ভট্টাচাৰ্য, অনন্ত কন্দলি আদি তেওৰ উপাধি আছিল। এও শঙ্কৰদেৱৰ সমসাময়িক অৰ্থাৎ খ্ৰীষ্টিয় ১৬ শতিকাৰ আগছোৱাত বৰ্তমান আছিল। তেওঁ হাপুৰুষ শঙ্কৰদেৱৰ বৈষ্ণৱ ধৰ্ম্ম সম্পূৰ্ণৰূপে গ্ৰহণ কৰি তেওঁক গুৰু মানি লৈছিল। তেওঁৰ সাহিত্য জীৱনৰ আৰম্ভ স্বৰূপে এটি মনোৰম কথা আছে। এদিন অনন্ত কন্দলিয়ে সপোনত শঙ্কৰদেৱৰ উচ্ছিষ্ট খাবলৈ আদেশ পায়। অনন্ত কন্দলি ব্ৰাহ্মণ আৰু শঙ্কৰদেৱ কায়স্থ, তথাপি অনন্ত কন্দলিৰ গুৰুভক্তি ইমান প্ৰৱল আছিল যে তেওঁ পুৱা স্নান তৰ্পনাদি কৰি শঙ্কৰদেৱৰ ওচৰ চাপি তেওঁব প্ৰসাদ মাগিলে। মহাপুৰুষ গুৰুৱে ততালিকে প্ৰসাদ দিবলৈ মান্তি হৈ কলে বোলে “ভাগৱতৰ যি কেইছোৱা মোৰ পদ কৰিবলৈ বাকী আছে সেই বেৰব তুমি পদ ৰচনা কৰা সেয়ে মোৰ উচ্ছিষ্ট ভোজন হব”। এই আদেশ অনুসাৰে অনন্ত কন্দলিয়ে ভাগৱতৰ চতুৰ্থ, পঞ্চম, ষষ্ঠ, নৱম আৰু দশম স্পন্দৰ শেহৰ ছোৱাৰ পদ কৰে। তেওঁ শঙ্কৰদেৱৰ ইমান প্ৰিয় পাত্ৰ আছিল যে তেওঁৰ বচিত সহস্ৰ নাম বৃত্তান্তৰ পদ শ্ৰীশঙ্কৰে তেওঁৰ কীৰ্ত্তন পুথিৰ অন্তৰ্গত কৰি লয়। কুমৰহৰণ নামে পুথিখনিও অনন্ত কন্দলিৰ দ্বাৰা ৰচিত।]। ৰামায়ণ। আত্ম পৰিচয়। হাজো হেন নাম পৱিত্ৰ উত্তম খান কামৰূপ মাঝ। মণিকুট গিৰি শিখৰত আছ। হয়ৱ দেৱৰাজ।