সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭০
অসমীয়া সাহিত্যৰ চানেকি।


স্বামী সকলক মাত্ৰ চিন্তিয়া থাকয়।
তথাতে দেখন্ত মহা বিমঙ্গল চয়॥
দক্ষিণৰ বাহু উৰু হৃদয় কাম্পয়।
নাজানো বিধাতা কোন বিঘিনি মিলয়॥
স্পন্দয় হৃদয় মহা অকুশল স্বভাৱে।
সোণ গুঁঞি সাংখিনী দেখয় ঠাৱে ঠাৱে॥
হাকুলে ব্যাকুলে সতী বসিয়া আছয়!
স্বামী সকলৰ মৃত্যু হেন মনে লয়॥
যাচনা কৰিয়া ফুৰে আশ্ৰমে ঋষিৰ।
মনুষ্য দেখিয়া সতী বোলে ধীৰে ধীৰ॥
কোথেৰ মনুষ্য তোৰা সব দুই জন।
ঋষিৰ আশ্ৰমে ফুৰা কিসৰ কাৰণ॥
হেন শুনি মনুষ্য মাতন্ত সেহি ঠাই।
আমাৰ বৃত্তান্ত আবে কিবা সোধা আই॥