মহাৰঙ্গে চন্দ্ৰৰ থানত আছিলন্ত।
অযুত বছৰ মানে তথা বহিলন্ত॥
নিজপুত্ৰ সিন্ধুৰাজা সেহি শৰ দিল।
যাক পায়া সিন্ধুৰাজে জগত জিনিল॥
সেহি কালকূট শৰ গুণত যুৰিল।
পাণ্ডৱৰ বধহেতু মনত চিন্তিল॥
শৰ পাট গুণত যুড়িল যেতিক্ষণে।
সুৰাসুৰ লোকৰ মিলিল ভয় মনে॥
আকাশত দেৱৰ মিলিল মহাভয়৷
জানো সমস্তকে অঙ্গৰাজে বিনাশয়॥
শৰ পাট যুড়িলেক অতি ভয়ঙ্কৰ।
চাৰি খান মুখ তাৰ দেখি লাগে ডৰ।
লহলহ জিহ্বা বাসুকিৰ সম দেখি।
অগ্নিবৰ্ণ দেখি আটি কবে চিকিমিকি॥
শৰপাট যুৰিলেক দাৰুণ প্ৰখৰ।
জানু পাৰি হস্তীচয় পৰিল ৰথৰ॥
জগতৰ লোকৰ লাগিল তোলপাৰ।
টলবল কৰে মহী থিৰ নোহে আৰ॥
কম্পি কম্পি সমস্তে দিগজ থিৰ ভৈল।
পাতালৰ নাগ জোঁটা জোটা কৰি ভৈল॥
খলক লাগিল সবে সপত সাগৰ।
উঝৰিয়া ফুৰে সবে মৎস্য যে মগৰ॥
টলবল কৰি মেৰু মন্দৰ লৰয়।
পছলাক লাগি যেন কল ঝঙ্কাৰয়॥
পৃথিবীৰ লোকত লাগিল তোলপাৰ।
মিলয় প্ৰলয় ভয় লভিল অপাৰ॥
স্বৰ্গ মৰ্ত্ত্য পাতাল একত্ৰ হুয়া লৰে।
জুঁই গৈল সৰ্ব্বলোকে বোলে বজ্ৰ পৰে॥
পলাই পশু পক্ষীগণ হুয়া পালে পাল।
ছিয়োঁ ছিয়োঁ ঢপ ঢপ কৰৈ কোলাহল॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৬৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৬
অসমীয়া সাহিত্যৰ চানেকি।