________________
অসমীয়া সাহিত্যৰ চানেকি। মৰ্ম্মস্থানে যুধিষ্ঠিৰ ৰাজাক ফুটিল। ধনুশৰ এবি বাজা মাটিত পৰিল। নৃপতিব শোকে মহা ক্ৰোব্দে তিনি বীৰ। সিন্ধু দলক শব হনে নিবন্ত। তিনি বীবে প্ৰজাগণ মবিলেক যত। ৰুদ্ৰে যেন সংহবন্ত প্ৰলয় কালত। বৈশম্পায়ন বদতি শুনিও নবেশ্বৰ। চেতন লভিয়া যুধিষ্ঠিৰ নৃপবৰ। কতোক্ষণে তিনি বাব সন্নিত চাপিল। তাসম্বাক দেখি ৰাজা লিবে লাগিল। শুনা বাপা ভীমসেন বচন নিশ্চয়। আৰু ক্ষণিতেকে জানা প্ৰাণৰ সংশয়। আমাৰ বন্ধু নাই কৃষ্ণ বিনে আন। হেন দুখ সাগৰে কৰিবে কোনে ত্ৰাণ। এহিমতে চাবি বীবে আছি। কতো দূৰে। সেহি বেলা কটো দূবে বড় বড় বীৰে। চতুৰ্দিশে ঢাকি সবে বীৰ নিৰন্তৰে। বাৰিষাৰ মেঘে যেন ঘোৰ নাদ কৰে। বৈশম্পায়ণ বদতি শুনিয়ে জন্মিজয়। চেতন লভিয়া সিন্ধু বাজা মহাশয়॥ সাবথিক বোলন্ত সত্বৰে ৰথ ডাক। মহাদুষ্ট পাণ্ডুগণ তাহাৰ পাশক। সবাহাকে পাছ কৰি সিন্ধু নৃপবৰ। পাণ্ডৱক সমুখে ধৰিলা ধনু শৰ। অৰ্ধচন্দ্ৰ কণিয়াল গুণত যুৰিল। চাৰি পাণ্ডৱক শৰে নিসন্ধি বিন্ধিল। মহাকোপে নৱবাণ ধনুত যুৰিল। চাৰিয়ে বীৰক লাগি প্ৰহাৰ কৰিল। কাহাৰ বাহুত বিন্ধিলাহা ললাটত। তুমাময় দেখিলে ঘোৰ সন্ধানত।