চক্ৰাঙ্কিত হস্তে পাছে পৰি তাঙ্ক তুলি।
বাহু মেলি আলিঙ্গিলা খুড়া খুড়া বুলি॥
ধৰিলা সাবটি ৰামো ভকতক পাই।
অক্ৰূৰকো গৃহ প্ৰবেশাইলা দুয়ো ভাই॥
সাদৰে বসাইলা নিয়া সুবৰ্ণ আসনে।
পৃছিলা কুশল বাৰ্তা মধুৰ বচনে॥
আপুনি পখালি পাৰ হৰি অক্ৰুৰৰ।
দিলা মধুপৰ্ক্ক কৰি অনেক সাদৰ॥
তৈল লৈয়া দোভাইয়ো জান্তিলা তান ভৰি।
দিলা পৰমান্ন পাছে শ্ৰম দূৰ কৰি॥
ভূষিলা চন্দন পুষ্পে দিয়া মুখ শুদ্ধি।
পুছন্ত সাদৰে নন্দে আনন্দে সম্বোধি॥
শুনিয়ো আক্ৰুৰ ক্ৰুৰ কংস বিদ্যমানে।
কিমতে বৰ্ত্তাহা তুমিসব তৈত প্ৰাণে?
বাঘ যেন ভৈল আসি ছাগব গোৰখ।
তাত কিছু নাই আৰো জীৱনৰ লেখ॥
ভাগিন গণক যিটো বধিলে নিস্খল।
কিবা পুছো আৰো আন প্ৰাণীৰ কুশল॥
কৰিল অনেক নন্দে মধুৰ আলাপ।
এড়াইলন্ত বীৰে মহা পথশ্ৰম তাপ॥
ৰাম মাধৱৰ মান্য লভিয়া প্ৰচুৰ।
সুবৰ্ণৰ খাটে সুখে শুতিলা অক্ৰূৰ॥
সন্তে কৰিলা পথে যত মনোৰথ।
সকল লভিলা মাধৱত মহাৰথ॥
যাত তুষ্ট ভৈলা লক্ষ্মী-নিবাস সাম্প্ৰত।
তাৰ কি অপ্ৰাপ্য আউৰ আছে ত্ৰৈলোক্যত॥
তথাপি নবাঞ্ছে কিছু ভকতৰ মনে।
আনক এড়িয়া ভজে কৃষ্ণৰ চৰণে॥
পাছে ৰাম কৃষ্ণে পৰ বেলা ভুঞ্জি ভাত।
আসিলা আনন্দে আছা অক্ৰূৰ যথাত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
অসমীয়া সাহিত্যৰ চানেকি।