কাত গহে আমাক নাহিকে কিছু ডৰ।
কি কাৰণে মাৰিলাহা আমাৰ সোদৰ॥
আজি যম ঘৰে চলি যাইবা চাবি ভাই।
ইতিনি ভুবনে ৰাখন্তাও কেঁৱো নাই॥
হেন শুনি ভীনসেনে দিলেক উত্তৰ।
শুন সিন্ধুৰাজা তই মহাবীৰ বৰ ॥
ত্ৰিভুবনে মানে যুধিষ্ঠিৰ মহাৰাজা।
তাহাঙ্ক নামানে তোমাসাৰ দুষ্ট প্ৰজা॥
এতেকেসে তাহাঙ্ক মাৰিলো এহি ঠাই।
ইহাত আমাৰ কিঞ্চিতেকো দোষ নাই॥
দুৰ্জ্জনৰ লগে আসিলেক তযু ভাই।
সি কাৰণে মই তাক মাৰিলো কোবাই॥
তুমি আসি আছা আমাসাক ক্ৰোধ কৰি
পালটি চলিয়ো তিনি ভাতৃ ৰক্ষা কৰি॥
প্ৰজাগণে ৰক্ষা নাই দুৰ্যশে নপায়।
আপোনাৰো লটি ঘটি নিমিলে অপায়॥
হেন জানি উলটি যায়োক নৰেশ্বৰ।
বনবাসী সমে যুদ্ধ নহে ভদ্ৰতৰ॥
জিনিলেওঁ যশ নাই প্ৰজা ৰক্ষা পাই।
নতু গদাঘাতে আজি যাবা যম ঠাই॥
বৈশম্পায়ন বদতি শুনিও জন্মিজয়।
এহ বুলি ক্ৰোধিলন্ত সিন্ধু মহাশয়॥
মহা ভয়ানক ধনু ধৰি মহাবীৰ।
কৰিলা টঙ্কাৰ সিতো সুথিৰ শৰীৰ॥
চাৰি পাত নাবাচ গুণত দিলা আনি।
হানিলা ভীমক খঙ্গে গুণ গাছ টানি॥
পাণ্ডুৰ তনয় বীৰ ৰণত সুজান।
দিব্য শৰে কাটিলা তাহাৰ বনখান॥
আৰ অসংখ্যাত শৰ প্ৰহাৰ কৰিল।
মহাবীৰ ভীমসেনে তাহাকো কাটিল॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৫৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৭
অসমীয়া সাহিত্যৰ চানেকি।