হস্তী যুথ আপ কৰি চলে ৰণখান।
দুতয় আদিত্য যেন দেখি বিদ্যমান॥
ৰথখান তাহাৰ দেখিতে মনোময়।
থানে থানে সুবৰ্ণৰ মাণিক জ্বলয়॥
মাজে মাজে লগায় আছে মাণিকৰ কাম।
মুকুতা ৰতন হিৰা দিলা ঠামে ঠাম॥
ৰতনে খচিত তাৰ হস্তীৰ দান্তত।
আড়িল মুৰাৰী থোপা মণি মৰকত॥
সিন্দুৰে মণ্ডিত নিৰন্তৰে হস্তীচয়।
মেঘৰ গৰ্জ্জন যেন কিঙ্কিণী বাজয়॥
সিন্ধু নৃপতিৰ ৰথ ত্ৰিভুবনে সাৰ।
দেৱদত্ত ৰথ তাৰ দেখি চমৎকাৰ॥
ৰশ্মিৰ বিভুতি তাৰ আদিত্তৰ সম।
পৃথিবীত তাৰ সম নাহিকে বিক্ৰম॥
দিব্য অলঙ্কাৰে মণ্ডি ৰথত চড়িল।
অসংখ্যাত হস্তীগণ লগতে লড়িল॥
ছাছাৰি মাহুত একো গজৰ কন্ধত।
ৰত্ন অলঙ্কাৰে জ্বলে কিৰীটি মাথাত।
কাহাৰো হাতত ধনু কাৰো খড়গ চৰ্ম্ম।
আছোক যুজিবে তাক দেখিতে বিষম॥
মেঘ সম কাল হস্তী সব নিৰন্তৰ।
এক এক হস্তী যেন পৰ্ব্বত শিখৰ॥
গজঘণ্টা শবদে কৰ্ণত হানে তাল।
হেন চমৎকাৰে চলি গৈল মহিপাল॥
পাণ্ডৱক দেখিলেক ৰণ ভূমি মাজে।
পদ্মবন খণ্ডে যেন চাৰি গজৰাজে॥
দড় দড় কৰি ৰাজা সন্নিত চাপিল।
মেঘৰ গৰ্জ্জনে পাছে বচন বুলিল॥
শুন আৰে পাণ্ডপুত্ৰ বনবাসী জন।
কি কাৰণে মাৰিলি আমাৰ সৈন্যগণ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৫৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৭
সিন্ধু-যাত্ৰা।