সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৬
অসমীয়া সাহিত্যৰ চানেকি।

এহি বুলি মহা কোপে,  সিন্ধু ৰাজা আদেশয়,
 গজ বাজি ৰথ সবে প্ৰজা।
যত বীৰগণ মানে, সব সাজি চলন্তক,
 আৰু যত আছে মহাৰজা।
শুনিয়োক সভাসদ, বনপৰ্ব্ব বিদগদ,
 সিন্ধুযাত্ৰা নামে অনুপাম।
বোলে ৰাম সৰস্বতী, সমস্তকে কৰি নতি;
 নিৰন্তৰ বোলা ৰাম ৰাম॥

পদ।

বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
মহাকোপে সিন্ধুৰাজা গৰ্জিয়া মাতয়॥
আমাৰ ভ্ৰাতৃক মাৰি বড় যশ পাইল।
চন্দ্ৰ দিবাকৰ মানে কীৰিতি অনাইল॥
শুনা সেনাপতি পাত্ৰ নৃপতি যতেক।
আপুনি ৰণক আজি চলিবো প্ৰত্যক॥
সাজ ৰথ বড় বিলম্বত কাৰ্য্য, নাই।
থমকি থাকিলে শত্ৰুগণে পাৱে লাই॥
ৰাজাৰ আদেশ হেন শুনিয়া প্ৰচণ্ড।
তেতিক্ষণে সাৰথি সাজিলা ৰথখণ্ড॥
সহস্ৰ দন্তালে তাৰ ৰথখান বহে।
আৰু অসংখ্যাত ৰথ আগে পাছে বহে॥
একৈক যোজন মানে লাহাৰি হস্তীৰ।
কাম্পয় ধৰণীখান নাথাকয় থিৰ॥
আৰু ৰথ ঘোড়ে যুথে যুথে ৰাজাচয়।
প্ৰজাৰ ঘঞ্চালে কৰ্ণে তালক মাৰয়॥
ধূলা ময় ভৈলা সিতো মহামহী খণ্ড।
আঠু পাৰি ৰহিলেক দিগজ প্ৰচণ্ড॥
হেন আড়ম্বৰে ৰাজা ৰণক চলিল।
পাঞ্চ প্ৰহৰৰ পথ জুৰিয়া ৰহিল॥