সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৫
সিন্ধু-যাত্ৰা।

হা হা বাপ সিন্ধুবিন্দ, তোহোৰ সদৃশ ভাই
 পাইবোঁ মই কোন থানে যাই।
মনুষ্য লোকৰ মাজে, তোৰ সম নাহি কেৱ,
 দেৱতাৰো ভয়ে দিন যাই॥
তৰুণ কালতে তুমি, বাজাগণ বৰাইলাহা,
 ধনে যুদ্ধে বলে পৰাক্ৰমে।
পাপ লক্ষ বাজা মানে,  মোক নিতে সেৱা কৰে,
 নাহি মহিতলে তোৰ সমে॥
হৰি হৰি যুবৰাজ, তোহোৰ সুমৰি কাষ,
 মোৰ হৃদি কৰে হমহম।
সুৰাসুৰ মুণিগণে, প্ৰশংসা কৰিলে আতি,
 কৈক গৈল হেনয় বিক্ৰম॥
সুকুমল হংস তুলি, গাৱক ঘেলাৱে যিতো,
 তাক লাৰে শৃগাল শগুণ।
তোহোৰ সমান ভাই,  কোন থানে পাইবোঁ যাই,
 মোক দেখাই দিবে কোন জনে॥
এহিমতে নৰনাথ, বিলাপ কৰন্ত শোকে,
 লগতে কান্দন্ত পাত্ৰগণে।
মহাদুঃখে অপমানে, চক্ষুৰ লোতক মুছি,
 সন্ধুক্ষণ ভৈলা কতক্ষণে॥
আখি মুখ মুছি বাজা, ভৃঙ্গাৰৰ জলে ধুই,
 সুস্থ হুয়া বসি আসনত।
কৈৰাহে মোহোৰ আব, সেনাপতিগণ মানে,
 পাণ্ডৱক মাৰাহা ৰণত॥
এহি বুলি নৃপবৰে, মহাদুঃখ অপমানে,
 ভাতৃৰ শোকক পৰিহৰি।
মনে আলচিয়া পাছে, সেনাগণ চলাইলেক,
 পাণ্ডৱক মাৰ বেঢ়ি ধৰি॥