পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৪
অসমীয়া সাহিত্যৰ চানেকি।

তযু সন্য যত, সমৰে পৰিল,
 আৰু ৰাজা নিৰন্তৰ।
তোমাৰ সোদৰ,  যুবৰাজ বীৰ,
 মৰি গৈল যম ঘৰ॥
পৰম দাৰুণ, পাণ্ডৱ তনয়,
 ভীম নামে অনিৰ্ব্বাৰ।
তোমাৰ ভ্ৰাতৃক, গদায়ে কোবাই,
 মাৰিলেক দুৰাচাৰ॥
কেহো ৰাজা তাৰ,  ওচৰ চাপিবে,
 শকতি কিছু নভৈল।
সাৰথি সহিতে, চূৰ্ণকৃত ভৈল,
 আৰু কিছু নৰহিল॥
আৰু যত সৈন্য,  তাকো খেদি খেদি,
 মাৰে ভীম কাল বাঘে।
আৰু ক্ষণিতেকে,  খেদি পাইবে আসি,
 বিলম্ব কিছু নালাগে॥
শুনা সভাসদ, সিন্ধু যাত্ৰা পদ,
 আত কিছু লম্ভা নাই।
হেন অনুমানি, চিন্তি চক্ৰপাণী,
 স্মৰিয়ো আক সদায়॥
ৰাম সৰস্বতী, কৰয় কাকুতি,
 পৰিহৰা আন কাম।
সকলো সমাজে, নিৰন্তৰে নৰে,
 ডাকি বোলা ৰাম ৰাম॥

চবি।

ভাতৃৰ মৰণ শুনি, মহা শোকে সিন্ধু ৰাজা,
 হাসনত ঢলিয়া পৰিল।
ঝমক দেখিয়া আতি,  শোকানলে দহে প্ৰাণ,
 হা হা ভ্ৰাতৃ বুলি উকি দিল॥