পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৩
সিন্ধু-যাত্ৰা।

আমাসাৰ আশীৰ্ব্বাদে চিৰঞ্জীৱ হয়ো ৰাজা
 ভুঞ্জিয়োক এহি মহী খণ্ড।
বৈষ্ণব বিপ্ৰক পালি, বৰ দেন্তো বনমালী,
 দুষ্ট সব হৌক ৰণ্ড ভণ্ড॥
তোমাৰ আদেশ পালি  বিৰচিলোঁ ইটো পদ
 সংহিতা মিশ্ৰিতে ভাষ্য চাই।
পৰম ৰহস্য কথা, আৰু আত দিলো আনি,
 হংস কাকী আৰু ঠাই ঠাই॥
হেন জানি বুদ্ধ লোক,  ভাষ্য চাই দেখিয়োক,
 পাছে মোক ধৰিবা দোষণ।
যিমান শকতি মোৰ, ততমান দিলো আত
 লম্ভী কিছু নুবুলি বচন॥
সভাসদ লোক যত, মিনতি কৰিয়া বোলো,
 আগ পাছ দোষ ক্ষমা কৰি।
কৃষ্ণৰ চৰণে মন, ধৰি সমাজিক লোক,
 উচ্ছ কৰি বোলা হৰি হৰি॥

দুলৰি।

ঋষি নিগদতি, নৃপতি সম্প্ৰতি
 পাছ কথা অনন্তৰ।
দুই ঘটি মান,  বেলা আছে মাত্ৰ,
 যুদ্ধ গৈয়া সিদিনাৰ॥
যত ৰাজা চয়, পলাই হুয়া ভয়,
 হত শেষ যিবা ৰৈলা।
কতো ৰাজাগণে, মহা ভয় মনে,
 নৃপতিৰ আগে কৈলা॥
কৰযোৰ কৰি,  কহিবে লাগিলা,
 শিৰে পৃথিবীক ছুই।
শুন মহাৰাজা, সমূলে বুৰিল,
 সবে কাৰ্য্য নষ্ট হুই॥

৪৫