পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫২
অসমীয়া সাহিত্যৰ চানেকি।

ইপাকে সিপাকে ভীমে লৱড়ি অন্তৰি।
এড়াইলা তাহাৰ হাতে মহা যত্ন কৰি॥
পাছে বঘাসুৰ হুয়া পৰম বিস্ময়।
ধুকাইলেক অস্ত্ৰ শস্ত্ৰ কিছু নাহিকয়॥

শুনা সভাসদ পদ বঘাসুৰ বধ।
শুনন্তে অমৃত ময় মিলয় সম্পদ॥
কহে ৰাম সৰস্বতী এহি মূল কাম।
পাতক চাড়োক ডাকি বোলা ৰাম ৰাম॥

সিন্ধু-যাত্ৰা।

চবি।

নমো নাৰায়ণ আদি পূৰ্ণ সনাতন
 ভকত অভয় দাতা দেৱ।
ভক্তি ধন দিয়ো মোক দাস কৰি কিনিয়োক
 তোমাৰ চৰণে কৰো সেৱ॥
যাৰ পদ প্ৰসাদত, সিদ্ধি হোৱে অভিমত,
 ভকতি মুকুতি সুখ পাই।
হেন পদ পঙ্কজৰ মকৰন্দ মধু পিয়া,
 মোৰ মন ৰহোক সদাই॥
জয় ধৰ্ম্ম নাৰায়ণ, পৰম বৈষ্ণৱ জন,
 যাৰ ৰাজ্যে বঞ্চোঁহোঁ আনন্দে।
বিপ্ৰত বৎসল ধীৰ,  যিটো স্বৰ্গ নৃপতিৰ
 বাক্যামৃতে থাকো অপ্ৰমাদে॥
তাহান ৰাজ্যত থাকি, ৰচিলোঁ পয়াৰ আমি,
 বন পৰ্ব্বৰ সিন্ধু যাত্ৰা নাম।
মহন্তৰ আশীৰ্ব্বাদে, চিৰঞ্জীৱ হুয়ো,
 তেবে সিদ্ধি হোৱে মোৰ কাম॥