জগত কাৰণ দুয়ো পুৰুষ পৰম।
কিশোৰ বয়স বাল মাতঙ্গ বিক্ৰম॥
ধ্বজ বড় পদ্মে দুইৰো পদ কলঙ্কৃত।
কষ্টে আছ খোজে ব্ৰজৰ মণ্ডিত॥
শৰীৰৰ কান্তি দিশ প্ৰকাশিত হুই।
মৰকত ৰূপাৰ পৰ্ব্বত যেন দুই॥
ৰচিয়াছে তাক যেন সুবৰ্ণ ৰতনে।
ভ্ৰমন্তে আছন্ত লীলা গতি ৰঙ্গমনে॥
দুইৰো ৰূপে গোকুল দীপিতি আতি কৰে।
দুইৰো দৰশনে মদনৰ দৰ্প হৰে॥
অৰুণ চৰণ চাৰু নূপুৰে সুহাই।
ৰূপৰ প্ৰভাৱে দুইকো চাহান নাযায়॥
আছন্ত আনন্দে দুয়ো পুৰুষ প্ৰখ্যাত।
অক্ৰুৰে দেখিলা সেই সময়ে সাক্ষাত॥
ৰাম মাধৱৰ দেখি মূৰ্ত্তি বিপৰীত।
উপজিল প্ৰেম আতি তনু পুলকিত॥
স্নেহে নয়নৰ নীৰ ধাৰে বহি যায়।
ভৈলন্ত অক্ৰুৰ আতি বিহ্বল পৰায়॥
প্ৰেমৰসে মজিল দ্ৰৱিল তান হিয়া।
আথেবেথে ৰথৰ পড়িল ঝাম্পদিয়া॥
ৰাম মাধৱৰ চৰণৰ সমীপতে।
নিঢলে পড়িলা দুইৰৰ আগে দণ্ডৱতে॥
ভাগ্যে ভৈলা পৰম ঈশ্বৰ দৰশন।
আনন্দে কান্দন্ত নাসে মুখত বচন॥
ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি ধৰি দুইৰো ভৰি।
কতো বেলি আছিলন্ত দণ্ডৱতে পড়ি॥
কৈবে নপাৰিলা আগমনৰ কাৰন।
অক্ৰূৰৰ ভকতি দেখিয়া নাৰায়ণ॥
সলোতক নেত্ৰে স্নেহে ভৈলন্ত বিহ্বল।
নমাতি আছিলা তম্ভি ভকতবৎসল॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
দশম স্কন্ধ।