পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫১
বঘাসুৰ বধ।

তিনি ভ্ৰাতৃ ৰথে চড়ি গাৱ সঞ্জালিয়া।
ভীমৰ পাছত তেবে আছয় ৰহিয়া॥
মহাবেগে ধৰি দৈত্যে পৰিঘ উচ্ছায়।
ভীমক দিলেক কোব বাম পাকে যায়॥

গদা পাতি তাহাক এড়াইল বলৱন্ত॥
পাছে কুন্তীসুতে তাক কোবেক দিলন্ত॥
পৰিঘ তুলিয়া সিয়ো কোব এক দিলা।
ভীমৰ হাতৰ গদা খসিয়া পৰিলা॥

উফৰিয়া কতোদূৰ যায় বৃকোদৰ।
দেখে পৰি আছে শিলা খণ্ড ভয়ঙ্কৰ॥
দীৰ্ঘে প্ৰস্থে হোৱে শিলা সহস্ৰ হাতৰ।
তুলি ধৰি দানৱক কৰিলা প্ৰহাৰ॥

ভীমৰ কৰ্ম্মক দেখি যত লোক চয়।
দাৰুণ পুৰুষ আন সম নাহিকয়॥
আকাশ সঞ্চাৰি ধাৱে কাল মেঘ যেন।
মনে বঘাসুৰে কাৰ্য্য চিন্তিলেক হেন॥

বোলে আক কোবাই ভাঙ্গিবে নপাৰিব।
গিৰিসিত কৰি আসি গাৱত পড়িব॥
এহি বুলি শীঘ্ৰ বেগে দিলেক লৱড়।
বাম পাকে আসি পাইল ভীমৰ ওচৰ॥

গিৰিসিত কৰি শিলা ভূমিত পাৰিল।
দল দোপ কৰি মহীমণ্ডল কম্পিল॥
এড়াইলেক বঘাসুৰ আসাৰিকা সুত।
ধাইলেক ভীমক কোপ কৰি অদভুত॥

পৰিঘ তুলিয়া বেগে কোব এক দিল।
ভীমে গদা ধৰি তুলি কোবায়া ভাঙ্গিল॥
দেখি বঘাসুৰে খঙ্গে নানাস্ত্ৰ হানিলা।
শেল পট্টীশ পৰ্শু মাৰিবে লাগিলা॥