অৰ্জ্জুনক তেজি আসাৰিকাৰ তনয়।
ধৰিলা মূষল আতি পৰম দুৰ্জ্জয়॥
ভীমক হানিলা বেগে চণ্ড নাদ কৰি।
বিস্বাদ শবদে যায় বায়ু পথ ধৰি।
আগবাঢ়ি বৃকোদৰে গদাক উচ্চায়।
পৰিবাৰ বেলাত দিলেক কোব যায়॥
অগনি উথলি সিতো মূষল ভাগিল।
দুইখণ্ড হুয়া সিতো ভূমিত পৰিল॥
পুনৰপি পৰিঘ ধৰিয়া খেদি যায়।
ভীমে ভীমগদা গোট উৰ্দ্ধক উচ্চায়॥
হু’ বুলি কোবেক দিলেক বৰ টানে।
উফৰি পৰিল দৈত্য দাৰুণ সন্ধানে।
শীঘ্ৰে বেগে উঠি দৈত্য পৰিঘক তুলি।
ভীমক দিলেক কোৰ ৰহ মাৰো বুলি॥
দুহানো বেগত দলদপ মহীখণ্ড।
মনুষ্য মধ্যত ভীম অজেয় প্ৰচণ্ড॥
ত্ৰৈলোক্য বিজয়ী বঘাসুৰ দুৰাচাৰ।
দুইৰো মহা সমৰ লাগিল ভয়ঙ্কৰ॥
ৰাক্ষসৰ সেনাগণ এক ভিতি যায়।
ৰণ চাহি ৰৈল সবে মনে সুখ নায়॥
চন্দ্ৰ সূৰ্য্য বায়ু বহ্নি কুবেৰ কৰুণ।
সিদ্ধ বিদ্যাধৰ মৰু অষ্টবসু গণ॥
গন্ধৰ্ব্ব চাৰণ সবে ইন্দ্ৰক আববি।
বৈতালিক গণ আসি পাছে ৰঙ্গ কৰি॥
আজি হুনু ভীমে বঘাসুৰক মাৰিব।
সকল লোকৰ মহা দুৰ্গতি খণ্ডিব॥
এহি মতে আকাশ চানিয়া দেৱচয়।
তৃতীয় প্ৰহৰ বেলা তথাত আছয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৪৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫০
অসমীয়া সাহিত্যৰ চানেকি।