পৰিল অৰ্জ্জুন দেখিলেক সুৰাসুৰ।
হেন দেখি মনত গুণয় নিশাচৰ॥
আৰ দেহগোট আনি দিওঁ ৰাক্ষসক।
খায়া জীৰ্ন্ন কৰিলেবা জীৱেবা কিসক॥
এহি গুণি লৱড় দিলেক বেগ কৰি।
দুয়ো হাতে অৰ্জ্জুনক কোলে তুলি ধৰি॥
পালটি আসয় বীৰ বিদ্যুৎ সঞ্চাৰে।
সমূলি বুৰিল দেখি বোলে বৃকোদৰে।
অৰ্জ্জুন ভৈয়াই মোৰ আজি অস্ত যায়।
এহি বুলি গদা গোট ধৰি গৈলা ধায়॥
যেন মত্ত মাতঙ্গ কোপত বেগ দিল।
প্ৰত্যেক ভৰিত সবে ধৰণী কম্পিল॥
গাৱৰ বেগত যেন বতাস শোষায়।
বঘাসুৰ ৰাক্ষসক খেদি লাগে পায়॥
দুৰাচাৰ নিশাচৰে পাচক চাহিল।
ভীমক দেখিয়া তাৰ চমক লাগিল॥
কতো দূৰে দলি হানিলেক অৰ্জ্জুনক।
সমুখে ৰহিল সিতো যুজিবে ভীমক॥
সুস্থ হুয়া নকুল সহদেৱ দুই বীৰ।
অৰ্জ্জুনৰ দুঃখ দেখি জ্বলয়ে শৰীৰ॥
বেগ ধৰি ৰথ ডাকি সমীপ চাপিল।
চাৰি জনে ধৰি তাঙ্ক ৰথত তুলিল॥
ঢিমিকি ঢিমিকি মাত্ৰ লড়ে ধাতু খানি।
অন্তৰাই নিলা পাছে কত দূৰ জানি॥
মাথাত ঢালিল সুশীতল জলচয়।
কিছু সুস্থ ভৈল শতক্ৰতুৰ তনয়॥
অৰ্জ্জুনৰ কথা আবে এথাতে থাকোক।
ভীম বঘাসুৰৰ সমৰ শুনিয়োক॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৪৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৯
বঘাসুৰ বধ।