পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৮
অসমীয়া সাহিত্যৰ চানেকি।

খসি খসি গৈল সবে গ্ৰহ ৰক্ষ চয়।
দলদোপ কৰি মহী মণ্ডল কম্পয়।
অৰ্জ্জুনৰ বধ হেতু কহে দেৱ গণ।
তাপ হীন ভৈল সূৰ্য্য নবহে পৱন॥

মাৰোঁ মাৰোঁ কৰি সিতো ডোঙ্গা এক দিলা৷
ওপৰক তুলি শূল পাত প্ৰহাৰিলা॥
মৰয় অৰ্জ্জুন সুবাসুৰে দেখিলেক।
বিশ্ৰুতি ভৈলেক বীৰ দেখিয়া প্ৰত্যেক॥

দূৰ হন্তে বৃকোদৰে চাহিয়া আছয়।
সৰ্মীপ চাপিবে কিছু শক্তি নাহিকয়॥
হাঁ হাঁ প্ৰাণ ভ্ৰাতৃ আজি সমূলে মৰিবে।
হৰি নাৰাখিলে আৰু কমনে ৰাখিবে॥

সেহি বেলা ধনঞ্জয় নামিলা ৰথৰ।
আগ কৰি ৰথ ধনু ধৰি দৃঢ়তৰ॥
প্ৰচণ্ড প্ৰতাপী ধনঞ্জয় বীৰবৰ।
কৃষ্ণ কৃষ্ণ কৰি স্থিৰ কৰি কলেবৰ॥

অগনিৰ তাপ পায়া দূৰতে হামফুলি।
দিলা মহা কোব এক ত্ৰাহি হৰি বুলি॥
আৰু এক কোব দিবে লাগিয়া তুলিল।
গুণ গাছ পুৰি ধনু খান বিহৰিল॥

ঠেলা খায়া বহ্নিৰ সংযোগ আতি পায়।
সহস্ৰেক হাত মানে উফৰিয়া যায়॥
দেৱ বীৰ্য্য নিমিত্তে সে প্ৰাণ খানি ৰৈল॥
অৰ্দ্ধ দগ্ধ হুয়া প্ৰাণ অস্থিগত ভৈল॥

শূল পবি ৰথখান ঘোৰাৰ সহিত।
সাৰথিয়ে সমে পুৰি ভৈল চূৰ্ণীকৃত॥
গোট লাগি ধনুখান পড়িয়া থাকিল।
বজ্ৰময় ধনু সিতো তাপতে সিজিল॥