সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪২
অসমীয়া সাহিত্যৰ চানেকি!

অৰ্জ্জুনে হানন্ত শৰ তিখাল বিষাল।
দুইকো দুই চাহিয়া ভেদন্ত পালে পাল॥
বঘাসুৰ বোলে কিনো মনুষ্য বিশাল।
হেন বীৰ লাগি নতু পাও একো কাল॥

এহি বুলি আগ বাঢ়ি প্ৰহাৰয় বলে।
সৰ্ব্ব গাৱে অৰ্জ্জুনৰ বিষ বহ্ণি জ্বলে॥
দেখি মাদ্ৰী সুত দুয়ো বীৰে চাহি আছে।
জেষ্ঠৰ মৰণ হেন আকলিল পাছে॥

মহাবেগ কৰি দুয়ো ৰথ আগকৰি।
নিসন্ধি হানয় দুয়ো পূৰ্ব্ব শত্ৰু স্মৰি॥
গাৱত লাগিয়া যাৱে উফৰি উফৰি।
দেখি দুয়ো বীৰে ভয়ে বোলে ৰাম হৰি॥

বোলে আজি মৰণ মিলিল আমাসাৰ।
ইহাৰ শৰীৰে বাণ নিবিন্ধয় আৰ॥
এত হন্তে বঘাসুৰে হানে শৰ চয়।
দুহানো বীৰক আতি ভেদিল নিশ্চয়॥

ৰুধিৰ চাদিয়া দুয়ো ৰথতে পৰিল।
বিস্মৃতি দেখিল যেন জীৱ কাঢ়ি নিল॥
হেন দেখি ৰথ খান পলুৱাই নিল।
পলাই পলাই বুলি দুষ্টে পাচতে খেদিলা॥

হেন খেদি ভীমসেন নামিলা ৰথৰ।
গদা ধৰি কোবাইবে লাগিলা বীৰবৰ॥
কতেক মাৰিলা বীৰে সীমা সংখ্যা নাই।
হুসকিয়া যায় সবে মহাপীড়া পাই॥

সেহি বেলা ধনঞ্জয় বীৰে সুস্থ পাইলা।
বঘাসুৰ ৰাজা দুয়ো ভ্ৰাতৃক দেখিলা॥
আগবাঢ়ি ধনঞ্জয়ে দিলা শৰ ঝাক।
থমকি ৰহিল সিতো দুঃখে সহি তাক॥