ধ্বজ ব্ৰজ পঙ্কজ অঙ্কুশে সুশোভিত।
কৰিয়াছে আতি পৃথিবীক অলঙ্কৃত।
দেখি অক্ৰুৰৰ উপজিল প্ৰেমভাৱ।
ভৈল হৰিষতে ৰোমাঞ্চিত সৰ্ব্ব গাৱ॥
লোতকে বেঢ়িলে আঁখি দ্ৰৱ ভৈল হিয়া।
আথে বেথে ৰথৰ পড়িলা ঝাম্প দিয়া॥
এহিতো প্ৰভুৰ পদ-পঙ্কজৰ ধুলি।
পাড়ন্ত লোটাবি তাতে কষ্ণ কুষ্ণ বুলি॥
আনন্দতে ভৈল বীৰ বিহ্বল স্বভাৱ।
ৰাম কৃষ্ণ বুলি অতি দেন্ত দীৰ্ঘ ৰাৱ॥
কৃষ্ণপদ ৰেণু পাই প্ৰেম যায় চড়ি।
কৰন্ত প্ৰণাম প্ৰতি খোজে খোজে পড়ি॥
এহিমানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ।
দেখন্তে খোজক যেন ভৈল অক্ৰুৰৰ॥
দেৱৰো দুৰ্লভ আকে বুলি প্ৰেম-ভাৱ।
ভৱ নদী তবিবাৰ এহি দৃঢ় নাৱ॥
কতক্ষণে অক্ৰূৰে কৰিয়া মন সুস্থ।
পাছে ৰাম কৃষ্ণ বড়ি আৰোহিলা ৰথ॥
বাঢ়ি যায় প্ৰীতি চিত্ত আনন্দ নধৰে।
যেন কথা ভৈল শুনা আত অনন্তৰে॥
সেহি সময়ত ৰাম কৃষ্ণ দুয়ো ভাই।
দোহে গাই আনন্দে আছন্ত তাকে চাই॥
পৰম সুন্দৰ দুয়ো ৰূপে সুকুমাৰ।
নীল পীত বস্ত্ৰে আতি কৰে ঝাতিস্কাৰ॥
শ্যাম শ্বেত বৰ্ণ দুইৰো বদন প্ৰসন্ন।
আজানুলম্বিত ভুজ পঙ্কজ নয়ন॥
সুগন্ধ চন্দনে দুইৰো সৰ্বাঙ্গ লেপিত।
পিন্ধি আছা মালা দিব্য ৰত্নে বিৰচিত॥
হেমময় অলঙ্কাৰে দুইৰো কলেৱৰে।
হসিত বদন দুয়ো চান্ত দয়াতৰে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
অসমীয়া সাহিত্যৰ চানেকি।