পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪১
বঘাসুৰ বধ।

হেন শুনি সহদেৱে বোলয় বচন।
নমাবো তোমাক ৰথে উঠা এতিক্ষণ॥
বৃদ্ধ সেনাপতিক ৰাখিলা সহদেৱে।
আচম্বিতে তাক যেবে নজানিল কেৱে।

বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
স্বস্থ দেহ ভৈল বঘাসুৰ নিশাচৰ॥
ধনু ধৰি ধাইলা ঘোৰ আতীবেগ কৰি।
হানিলেক শব চয় মহা কোপ কৰি॥

দীঘল ডাঙ্গৰ শৰ শনাইত তিখাল।
অৰ্জ্জুনৰ গাৱত পড়ৰ পালে পাল॥
কাটিল সন্নাহা দেহ স্থিৰ নলভয়।
সাৰথি ঘোৰাকো পুনু আসিলে নিশ্চয়॥

গাৱ স্থিৰ কৰি কৃষ্ণ জপী মহাবলী।
নব টোন হন্তে শৰ আনিলা আকলি॥
প্ৰচণ্ড কিৰণ শৰ পাত হানিলেক।
বাঘাসুৰ বীৰৰ দেহত পৰিলোক॥

হাত চাৰি মানে শৰ পাট বহি গৈল।
মহা অগ্নি উত্থালি অৰ্দ্ধেক ছিগি ৰৈল॥
দেখি সিদ্ধ বিদ্যাধৰ যতেক আছয়।
আচৰিত মানি সবে ভৈল মহাভয়॥

অৰ্জ্জুনে বিস্ময় মনে ভাবি থিৰ কৈল।
বৰ ছোটে শৰচয় প্ৰহাৰিবে লৈল॥
নাকে মুখে ঝাকে ঝাকে নিসন্ধি ফুটয়।
কপাল ফুটিয়া ধাৰে ৰুধিৰ বহয়॥

মেঢ় গোটে শৰ ঘাৱে আতাস পাৰয়।
পৃথিবী ঢাকিয়া ধাৰে ৰুধিৰ বহয়॥
দেখি ঘোৰ ৰাক্ষসৰ ক্ৰোধ জ্বলি গৈল।
বৰ বৰ শৰ সব হানি বাক লৈল॥