পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪০
অসমীয়া সাহিত্যৰ চানেকি।

শুনা পাণ্ডু বংশী বাপু সুখীয়া কুমাৰ।
তোহোৰ শৰীৰে মই নকবো প্ৰহাৰ॥
মোৰ পিতৃ আছিলেক ভদ্ৰজিত নাম।
প্ৰেমলোচা নামে তান ভাৰ্য্যা অনুপাম॥

ব্ৰহ্মাৰ দুহিত্ৰী তেন্তে জগততে ধন্যা।
দেবতাক বমিলন্ত বাজে কতো দিনা॥
দানব মাৰিয়া তেন্তে নিগুটি কৰিলা।
পাছে কন্যা খানি দেবগণে খুজিছিলা।

চাৰুচি নগৰে ভদ্ৰজিত মহাৰায়।
সহদেৱ নামে পুত্ৰ তান সম নায়॥
কতোদিন অন্তৰে আমিও গৰ্ভস্থিত।
মাবিলেক ৰাজ্য খান পিতৃ উপাৰ্জ্জিত॥

ষোড়শ বৎসৰ মোৰ জেষ্ঠ ভ্ৰাতৃ হয়।
তাহাকো মাৰিলে বঘাসুৰ দুৰাশয়।
গৰ্ভতে আছিলো মই নৱম মাসত।
মাতৃক বিলান দিনে এক ৰাক্ষসত॥

মই উপজিলো গুণে পিতৃৰ আলয়।
মোক সেনাপতি পতিলেক দুৰাশয়॥
দেৱাসুৰ ৰণ জিনি আছো সপ্ত বাৰ।
তোক দেখি দয়া বাপু লাগয় আমাৰ॥

অষ্টাদশধিক আৰু সপ্তম হাজাৰ।
হৈয়া আছে বৰ্ষ মোৰ জানিবাহা সাৰ॥
মোৰ পৰাক্ৰম বপু নপাৰ সহিত।
পুৰন্দৰো পলাই আছে আমাৰ শৰত॥

মাৰ মাৰ মোক নকৰিব হেলা৷
স্বৰ্গক চলোহো মই শুভক্ষণ বেলা॥
তুমি বৈষ্ণৱৰ হাতে প্ৰাণ ছড়াও।
সকল কালৰে ঘোৰ তৃপিতিক পাওঁ॥