ৰথ সমে পাক ফুৰে ৰুধিৰ চাদয়।
দূৰহন্তে দেখিলেক বীৰ ধনঞ্জয়॥
দেখিয়া সাৰথি আতি মৰোঁ জীৱোঁ কৰি।
পালটাইল ৰথখান আঝুৰিয়া ধৰি॥
পাছে পাছে খেদি যায় বিদৰ্শন বীৰ।
অৰ্জ্জুনে বোলন্ত মৃত্যু মিলে নকুলৰ॥
হা’ ভ্ৰাত তোৰ আজি কাল আসি ভৈল।
এহি বুলি ৰথ বায়ুবেগে খেদি গৈল॥
ডাক দিয়া মাতে অৰে ৰহ ৰহ বুলি।
দুই পাত শৰ যুৰি ধনু যায় তুলি॥
পাওঁ পাওঁ দেখি সিতো পাচক নচায়।
মহিযৰ খুৰ ধাৰে ধৰণী ফাটয়॥
কতো জানুমান কতো উৰু সমহয়।
বৃহৎ মহিষ চলিবাক নপাৰয়॥
ডেৱ দিয়া ৰথৰ নামিল বীৰবৰ।
পাছ হন্তে প্ৰহাৰিলা দুই পাত শৰ॥
অন্যায় বুলিয়া আক মন নকৰিলা।
ভাতৃৰ মৰণ দেখি আতুৰে হানিলা॥
দুই পাট শৰ যায় বৰ কৰি ৰাগ।
পাছ পাকে তাহাৰ কাটিলা শিৰভাগ॥
যেন বায়ু পৰ্ব্বতৰ শৃঙ্গ বিদাৰিলা।
কত দূৰে শিৰ গোট উফৰি পড়িলা॥
আৰু পাটে মহিষ যানক ভেদিলন্ত।
কম্পি কম্পি ধৰণীত ঢলি পৰিলন্ত॥
জয় জয় শবদ মিলিল আকাশত।
নকুলৰ প্ৰাণ ৰৈল ঘোৰ সমৰত ॥
অনন্তৰে পুষ্পমালী বৃদ্ধ সেনাপতি।
সহদেৱক বচন বুলিলা হেন মাতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৩৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৯
বঘাসুৰ বধ।