পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
দশম স্কন্ধ।

কৰি কৃতাঞ্জলি মই হুয়া অৱনত আতি
 থাকিবোহো কৃষ্ণৰ আগত।
হাসিয়া হাতত ধৰি গৃহ প্ৰবেশাইবে হৰি
 বসুৱাইব মোক আসনত॥
কৰিয়া সৎকাৰ তথা পুছিব কংসৰ কথা
 তেবে মোৰ পুৰে মনোৰথ।
এহিমতে মাধৱক  চিন্তন্তে দিনান্ত গৈল
 নাজানিলা সিটো দীৰ্ঘ পথ।
সূৰ্য্য যেবে গৈলা অস্ত গোকুল পাইলেক ৰথ
 তেবেসে চেতন ভৈল গাত।
নজানিলা মহামানী ঘোড়ায়ে নিলেক টানি
 গোপপুৰ দেখিল সাক্ষাত।
মথে দধি তাৰ ধ্বনি লোকৰ আৰাৱ শুনি
 চতুভিতি নিহালন্ত পাছে।
শুনা সভাসদগণ মাধৱত দিয়া মন
 অন্তকে কেশত ধৰি আছে।
আয়ু ক্ষণে ক্ষণে যায়  কালে ধৰিলেক প্ৰায়
 তথাপি চেতন নাই গাত।
আন কৰ্ম্ম অনাদৰি ডাকি বোলা হৰি হৰি
 হৰিনামে তাৰিবে সাক্ষাত।

অক্ৰুৰৰ ব্ৰজধামত প্ৰবেশ আৰু কৃষ্ণ বলভদ্ৰক লৈ মথুৰা যাত্ৰা।

এহি মতে পাছে মহা মহন্ত অক্ৰুৰ।
সন্ধ্যা সময়ত গৈয়া পাইলা গোপপুৰ।
চক্ষুয়ে নিহালি চান্ত আনন্দ হৃদয়।
দেখন্ত পথত গোবিন্দৰ খোজচয়॥