পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া সাহিত্যৰ চানেকি।

কৈল্যাণক পাও বাপু বন্ধুগণ ৰৌক।
মই অন্তে কৌৰবি পাণ্ডবি বঙ্গ হৌক॥
পাণ্ডবে সহিতে যদি হোৱা একে সঙ্গ।
তেবেতো জানিবা তুমি মোৰ মনে বঙ্গ॥
ভীষ্মৰ বচন শুনি ৰাজা দুৰ্য্যেধন।
অধোমুখে নৃপতি থাকিলা মনেমন॥
ভৈলা আয়ুক্ষয় নুশুনয় সদবুদ্ধি।
মৰন্তাক দিবে কোনে জীবাৰ আসুধি॥
বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
ভীষ্মক বাখিবে লোক দিলে দুয়ো ঘৰ॥
দুয়ো দলে সৈন্য বাঢ়ি দিলেক জোলক।
পাণ্ডৱৰ বঙ্গ ভৈলা বধিয়া ভীষ্মক॥
সবে হন্তে গাঙ্গেয়ৰ নমিলা চৰণ।
কুৰু পাণ্ডুদল গৈল আপোন ভবন॥
এত হন্তে বাৰ্ত্তা পাইলা ৰাধাসুত কৰ্ণ।
ঘোৰ সমবত ভীষ্ম কৰিলা শয়ন॥
অদভুত শুনি কিছু মনে দুঃখ ভৈলা।
লৱৰিয়া ভীষ্মক চাহিবে লাগি গৈলা॥
বীৰ শয়নতে আছে গঙ্গাৰ কুমাৰে।
দেখি কৰ্ণে প্ৰণাম কৰিলা জানু শিৰে॥
কৰ্ণে বোল শুনিয়োক গঙ্গাৰ নন্দন।
বৈসানি বুলিলা তুমি অৰ্দ্ধৰথী কৰ্ণ॥
সেহি দিনে অঙ্গীকাৰ কৰিয়াছোঁ দৃঢ়।
যান্তে তুমি নপড়া নধৰোঁ ধনু শৰ॥
সি কাৰণে নুযুজি আছোঁহো বাট চাই।
চাহিবে আসিলোঁ শুনি তোমাৰ বিলাই॥
অৰ্দ্ধৰথী শুত মই ৰাধাৰ কুমাৰ।
পূৰ্ব্ব অপৰাধ মানে ক্ষেমিয়ো আমাৰ॥
হেন শুনি গাঙ্গেয়েৰ স্নেহ ভৈলা আতি।
ৰাধাৰ পুত্ৰক সমীপক নিলা মাতি॥