ৰথে সমে ভীষ্মক কৰিলা প্ৰদক্ষিণ।
ধনুত যুৰিলা আনি শিলীমুখ বান॥
ভীস্মব দক্ষিণ পাশে মুখৰ ওচৰ।
পাতালক লাগি তাতে প্ৰহাৰিলা শৰ॥
অদভুত দেখি আছে নৃপতি সকল।
পাতালৰ পৰা আসি নিকলিলা জল॥
মুষলৰ ধাৰে উঠি কতো দূৰ বুবে।
পুনৰ্ব্বাৰ ভীষ্মৰ মুখত আসি পৰে॥
দেখিতে সুবেশ আতি সুকোমল জল।
তৃষ্ণা পূৰি ভীষ্ম পান কৰিলা সকল॥
অৰ্জ্জুনৰ কৰ্ম্ম অদভুত মানুষ।
দেখি ভয় লাগিলেক সবে কৌৰৱৰ॥
ভীষ্মে মাতিলন্ত পাছে তুষ্টমন হুই।
তোমাৰ ই কৰ্ম্ম বাপু অদভুত নুই।
নদী নদ মাজে বৰ গহীন সাগৰ।
হিমালয় যেন পৰ্ব্বতত শ্ৰেষ্ঠতৰ॥
গৰুড় বলিষ্ঠ যেন পক্ষীৰ মধ্যত।
ক্ষত্ৰিয়ৰ মধ্যে বাপু তুমি সেহিমত।
নাৰদৰ মুখে শুনিয়াছোঁ যেন যেন।
কৃষ্ণ ধনঞ্জয় দুয়ো নৰ নাৰায়ণ॥
কাৰণে সে দুইহানো মনুষ্য অৱতাৰ।
দুৰ্জ্জনক দণ্ডিয়া খণ্ডিবা ভূমিভাৰ॥
তৈসানি বুলিলোঁ শুনিয়োক দুৰ্য্যেধন।
পাণ্ডৱৰ ৰাজ্য তই দিয়ো এতিক্ষণ॥
দ্ৰোণে বুলিলন্ত আৰু বিদুৰে বুলিলা।
বলোভদ্ৰে বুলিলন্ত তাকো নুশুনিলা॥
তাকেসে স্মৰন্তে মন বিকল আমাৰ।
পাণ্ডবৰ হাতত সমস্তে যাইবি মাৰ॥
পুনৰপি দুৰ্য্যোধন বোলোঁ শুনা ৰাই।
দুৰ্ঘোৰ সমৰে আৰ তোক নুযুৱাই॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩২৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২১
মহাভাৰত৷