কৃষ্ণক দেখিয়ো সখিগাণ, কুণ্ডলে মন্দিত দুয়োকৰ্ণ,
পীত বস্ত্ৰে জলে মেঘত যেন বিজুলী।
শ্ৰীবৎ ৰত্নৰ বক্ষস্থলে, কৌস্তুভ প্ৰকাশে যাৰ গলে,
ৰতিপতি যেন যুৱতীগণ ৰঞ্জনী॥
ভীষ্মৰ অৱস্থা চাই চাই, নকান্দতে লোহ বহি যাই,
মৰ্ম্মত সবাৰো আগক নযায় ভৰি।
দুৰ হন্তে পাছে নাৰীগণে, ভীষ্মক চাহন্তে দুঃখ মনে,
ৰামসৰস্বতী ভণে বোলাঁ হৰি হৰি॥
—
পদ।
নাহিকে চেতন জ্ঞান বিবৰ্ণ বদন।
সৰ্পে যেন নিশ্বাস ত্যজন্ত ঘনে ঘন॥
অৰ্জ্জুনৰ শৰ বিষে নপাৱন্ত জ্ঞান।
সাক্ষাতে দেখিও যেন মৃতক সমান॥
পিয়াসে নিজীয়ে মুখ নিস্তেজ শৰীৰ।
ক্ষণে ক্ষণে চক্ষুক মেলন্ত মহাবীৰ॥
ভীষ্মৰ দুঃখক দেখি যত নৰীগণ।
মহাশোকে সন্তাপ কৰন্ত ঘনে ঘন॥
পদ্মিনী সুন্দৰী আৰু জগত মোহিনী।
চাৰু হাস্য জগত স্বামীত সুভাগিনী॥
সৰ্ব্বকাল নুহি সলোতক যাৰ মুখ।
সিয়ো নাৰী কান্দয় ভীষ্মৰ দেখি দুঃখ॥
মঙ্গলা পঢ়িয়া দুৰ্ব্বাক্ষতযে সিঞ্চিলা৷
এক পাশ হুয়া কন্যাগণ অন্তৰিলা॥
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
ভীষ্মৰ শৰীৰ ঢাকি তেজ বৰিষৰ॥
শৰ পুংস ঢাকি তেজ ভৈলা সমাপতি।
তেবে গঙ্গাসুত পিয়াসত আশকতি॥