পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৭
লক্ষী চৰিত্ৰ।

শুদ্ধমতী নাৰী যিটো সুন্দৰ বদনী।
স্বামী সেৱা কৰে যিটো ঘৰৰ ঘৰণী॥
নাভি সুগভীৰ সম দন্ত পান্তি যাৰ।
সদা নছাবোহো আমি শৰীৰ তাহাৰ॥
গো ধনক সদা যিটো কৰে উপকাৰ।
ধন ধান্য সম্পদক মিলাও আনি তাৰ॥
স্বামীৰ চৰণে সেৱা স্বভাৱে যাহাৰ।
সেই সুলক্ষণী নাৰী জানিবা আমাৰ॥
শুক্ল বস্ত্ৰ পৰিধান শুক অভিলাষী ।
সুপ্ৰসন্ন কোমল ভাষিণী দীৰ্ঘকেশী॥
সৰ্ব্বকালে পতিব্ৰতা সৱে যিটো জনী।
দুয়োকুল নিস্তাৰিল তৰিল আপুনি॥
স্বামীৰ বচন পালে যেই সুভাগিনী।
সেই নাৰী পাশে মই থাকোহোঁ আপুনি॥
হস্তপদ বঙ্গা নখচন্দ্ৰ নিৰমল।
আমাৰ লক্ষণ জানিবাহা সি সকল॥
নাভি সুগভীৰ যাৰ সম দন্ত পান্তি।
তাহাৰ শৰীৰ আমি সদা নাছাৰন্তি॥
ললিত বলিত অঙ্গ কোমল লোচনা।
ঈষত হসিত মুখ মড়াল গমন॥
গৌৰবৰ্ণা মৃদুমিত ভাষিণী বিমলা।
মধ্যক্ষীনা দয়াৱতী সৰ্বত্ৰ সুশীলা॥
ইসব লক্ষণে যেই নাৰী জন্ম ধৰে।
সৰ্ব্বক্ষণে থাকো আমি তাহাৰ শৰীৰে॥
স্বামিক ভকতি সদা যি নাৰী কৰয়।
যেহি যিবা বাঞ্ছে মোত সবে সিদ্ধ হয়॥
হেন মহা ৰমণী থাকয় যাৰ ঘৰে।
সৰ্ব্বক্ষণে থাকো মই তাহাৰ মন্দিৰে॥
ধন পুত্ৰ হোৱে তাৰ সৰ্বত্ৰ কল্যাণ।
সদা আমি সন্তুষ্ট তাহাৰ বিদ্যমান॥