ধাৰ্ম্মিক বিনীত সদাচাৰী মিতব্যয়ী।
জ্ঞানশীল যিটো পঞ্চ ইন্দ্ৰিয় বিজয়ী॥
বিদ্যাৱন্ত যিটো মহাপুৰুষ শোভন।
ইসবত প্ৰতি আমি জানা নাৰায়ণ॥
উলঙ্গ ৰমণী যিটো নকৰে দৰ্শন।
আহাৰ কৰয় যিটো জনে অল্পক্ষণ॥
দান কৰে আৰু সদা সত্য কথা কয়।
সেই জন জানা মোৰ প্ৰিয়ত্তম হয়॥
সদা বাস কৰো আমি শৰীৰে তাহাৰ।
ধন ধান্য গো মহিষ কৰোহোঁ বিস্তাৰ॥
সৰ্ব্বত্ৰ সন্তোষী যিটো উদ্যোগী যিজন।
অলপ আহাৰ কৰে অলপ শয়ন॥
আলাস বিহীন বন্ধু প্ৰিয় যিটো জন।
তাৰ শ্ৰীবৃদ্ধি আমি কৰো অনুক্ষণ॥
শুনা নাৰয়ণ আৰু কথাৰ নিৰ্ণয়।
যিটো সুলক্ষণী নাৰী মোৰ প্ৰিয় হয়॥
স্বামীৰ চৰণে সেৱা কৰে যিটো জনী।
সেই নাৰী পতিব্ৰতা সৰ্ব্ব সুলক্ষণী॥
তোমাক ঈশ্বৰ মানি সততে পূজয়।
সেই মতে নিজ স্বামী পদ আৰাধয়॥
পতিব্ৰতা স্ত্ৰীৰ কথা শুনা মন দিয়া।
সংক্ষেপ কৰিয়া কহোঁ বাহুল্য এৰিয়া॥
দেৱতাত কৰি যিটো নাৰী শতগুণে।
স্বামীসেৱা কৰে অতিশয় শুদ্ধমতে॥
স্বামী ইচ্ছামতে কাৰ্য্য সততে আচৰে।
তাহাৰ শৰীৰে মই থাকোঁ নিৰন্তৰে॥
সকল দেৱক পূজি যিটো ফল পাই।
স্বামীসেৱা ততোধিক ফল সমুদাই॥
স্বামী বিনে স্ত্ৰীৰ আৰ নাহিকে দেৱতা।
স্বৰূপ কহিলো প্ৰভু ইটো সত্য কথা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩১২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৬
অসমীয়া সাহিত্যৰ চানেকি।