পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৫
লক্ষ্মী চৰিত্ৰ।

মুখ ভৰি ধোৱা পানী পেলায় দুৱাৰে।
নেথাকো তাহাৰ ঘৰে জানিবাহা সাৰে॥
উলঙ্গত হুয়া যিটো কৰয় ভোজন।
তিতা আসনত বসি যি কৰে ভোজন॥
দক্ষিণ পশ্চিম মুখে যিটো দন্ত ঘসে।
সত্যে সত্যে কহোঁ মই নেযাও তাৰ পাশে॥
উত্তৰ পশ্চিম শিৰে যি কৰে শয়ন।
তাক তেজোঁ সিটো মোৰ নোহে প্ৰিয়জন॥
আপুনি তুলিয়া পুষ্প পিন্ধে যিটো শিৰে।
সন্ধ্যাকালে প্ৰদীপ নেদেখোঁ যাৰ ঘৰে॥
আপুনি চন্দন পিসি যি পিন্ধে ললাটে।
গুৰুজন নিন্দা কৰি ফুৰে হাটে বাটে॥
বাসি বাস কুবাস পিন্ধয় যিটো নৰে।
নিশ্চয় জানিয়ো মই নাযাওঁ তাৰ ঘৰে॥
মাটিত বসিয়া যিটো কৰয় ভোজন৷
বাসি মুখে থাকে যিটো নৰ অভাজন॥
অতিথি বিমুখ যিটো নিৰ্দ্দয় কুভাষে।
পাপ কৰ্ম্মে ৰত পাপ বিত্ত অভিলাষে॥
পঞ্চম পাতকী যিটো বিশ্বাস ঘাতক।
ইসবক তেজোঁ আমি জানিবা প্ৰত্যেক॥
যাৰ ঘৰে থাকে শুক্ল পাৰাবতগণ।
সুশীল সুন্দৰী শুদ্ধা ৰমনী ৰতন॥
তাৰ গৃহে অচলা আমাৰ বাস হয়।
সত্যে সত্যে প্ৰভু মই কহিলোঁ নিশ্চয়॥
যিটো জনে ধান্যক সুবৰ্ণ সম দেখে।
ৰজত সদৃশ কৰি তণ্ডুলক লেখে॥
আপুনি নেখায় ভক্ষ দ্ৰব্য সমস্তক।
বাটি দিয়া থাকে দুঃখী ভিক্ষু সকলক॥
সকলোকে বোলে যিটো মধুৰ বচন।
সন্ত সাধু সঙ্গে কৰে সাধু আলাপন॥