পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৪
অসমীয়া সাহিত্যৰ চানেকি।

সৰস্বতী মাৱক কৰিয়া নমস্কাৰ।
লক্ষ্মীৰ চৰিত্ৰ পদ কৰিবো প্ৰচাৰ॥
যি ঘৰত লক্ষ্মী দেৱী সদায়ে থাকয়।
যিবা দোষে লক্ষ্মী দেৱী পুৰুষ তেজয়॥
ইসব কথাক আবে কৰিবো বাখ্যান।
লক্ষ্মী হৰি সংবাদ শুনিয়ো সাৱধান॥
মেৰু পৃষ্ঠে ৰত্নসনে থাকন্তে বসিয়া।
লক্ষ্মীত পুছিলা হৰি কৌতুক কৰিয়া॥
কোন কোন স্থানে তুমি আপুনি থাকাহা।
কোন কুলক্ষণে পুৰুষক তেজি যাহা॥
কোন বা ৰমণী হয় তোমাৰ বৰ্জ্জিতা৷
কোন নাৰী তযু প্ৰিয়া কৈয়ো সুচৰিতা॥
বিষ্ণুৰ বচনে লক্ষ্মী অল্প কৰি হাস।
কহিতে লাগিল কথা অতি মৃদুভাষ॥
চিন্তাযুক্ত হুয়া সৰ্ব্বক্ষণে যি থাকয়।
পাৱে পাৱে ঘসে যিটো ধূলা মাটিচয়॥
বাসি পুষ্প পিন্ধে যিটো শোৱয় উষাত।
ভগ্ন আসনত যিটো বসি খায় ভাত॥
অকুমাৰী নাৰীক ৰময় যিটো জন।
তাহাকে তেজোহোঁ মই জানা নাৰায়ণ॥
ময়মত্ত অবগৰ্ব্ব কৰে যিবা জন।
পুনু পুনু বোলোঁ আমি তেজোঁ সেহিজন॥
উচ্ছিষ্টক চুই যিটো কৰয় ভোজন।
স্নান কৰি তৈল প্ৰভু ঘসে যিটো জন॥
অন্ধকাৰে শোৱে আৰু তৃণ ছিণ্ডে নখে।
তাক মই তেজোঁ সিটো থাকে মহাদুখে॥
নিজ অঙ্গ পিঠিত আপুনি বাদ্য বাৱে।
সঞ্চিত ধনক যিটো সমূলি উৰাৱে॥
নিজ পুত্ৰ ভাৰ্য্যাক বঞ্চিয়া যিটো খায়।
শুনা নাৰায়ণ মই নাযাওঁ তাৰ ঠাই॥